assamese heart touching quotes || অসমীয়া Quotes :: অসমীয়া কবিতা

অমাৱস্যা
সেইদিনা দোভাগ ৰাতি
উশাহ সলাওঁতেই ,
ঘোৰ আন্ধাৰে জোকাইছিল ;
সূৰ্য্যৰ পোহৰ ধাৰ লবলৈ
চন্দ্রমাই পাহৰিছিল,|
পোহৰৰ মাজতো থাকে প্রতিবাদ ;
এতিয়া চন্দ্ৰ উজ্জ্বল, এপষেক অৱসাদ |
মাটিত বিলীন নোহোৱাকৈ কোনো জীৱই নহয় টান, যিয়েই নকৰক নিপিন্ধক লাগে , ..অতি অত্যাধুনিক সাজ , শালিনতা নতুবা অশালীন মাত্র এমুঠি মাটিৰে ঢাকি এই শৰীৰ --পোহৰ ৰঙীন !!!
ভাল পোৱা ভাল পোৱা, বুজা বৰ টান, নিজৰ ভুলৰে কাইটেৰে পুনৰাই ___ নিজৰ হিয়া খুচি খুচি খায় ! অইনে কিনো ,,,,, জানো ভাল পায়, ইপাৰ সিপাৰ দেও দি থাকোতেই যায় চোন কলিজাৰ এফাল!
হেমন্তৰ অনুভৱ মূৰ দাঙি দেখিলো, ওচৰতে ৰৈ আছে হেমন্ত এই দুখতো ! মোলৈ হৃদয়ৰ পৰা উলিয়াই দিছেহি , সুমথিৰা যেন এমোকোৰা পোহৰ
পুৱাৰ পৃথিবীৰ এটা শব্দ , নাইবা, সুন্দৰ শব্দবোৰ ,মালাৰে সৌন্দৰ্য্য গঢ়া কৌশল , মন জুৰোৱা,এটি গান | নাইবা সংগীতৰ আহ্বান, হৃদয় জুৰনি, এক বৌদ্ধিক আকৰ , মানুহে বিচাৰাটো পোৱা হলে ; সঁচাকৈয়ে জীৱন সাৰ্থক হ'ল হেতেন, হয়তোবা হিতজনৰ ,মধুময় সুখ
সৰিয়হ ফুলাৰ অনুভৱ এতিয়া মোৰ কলিজাত ৰ'দৰ পিয়াহ, হালধীয়া বাটত, সেউজীয়া হেঁপাহ | চৰ -চাপৰিৰ খেতিয়ক মই জুৰোনে? এটি গৰখীয়া গীত, সৰিয়হ তলিতে তোমালৈ চাই |
হে কৃষ্ণ ,তোমাৰ বাহীঁৰ মাততেই মই বিচাৰি পালো জীৱন দৰ্শন, তোমাৰ হৃদয় আকুলতা,, পাঞ্চজন্যৰ সুৰতেই মই বিচাৰি পালো ,জীৱন দৰ্পন , তোমাকেই কৰো ,মই মোৰ সাধনাৰ ,আশা সমৰ্পণ | তোমাৰ মনোৰম পৰশত, মন জাগিছে পুনৰাই , ইমান মহান ,ইমান কমল , অন্ত নপৰা, আকুল হৃদয়ৰ এই ভূমণ্ডল |
মই জন্মৰ পিচতেই খান্দিছো, মোৰ কলিজাৰ ভিতৰত অনেক কবৰ | মোৰ লোভ, মোৰ মোহ, ভোক পিয়াহ , শৰীৰটোত ক্ষত বিক্ষত নুবুজা আঘাত | সিহঁতক জানো মই এৰিব পাৰো মই নাৰাখিলে মোৰ কলিজাত কোনে ৰাখিব সিহঁতৰ খৱৰ ||
তিলোত্তমা দত্ত |
গুৱাহাটী |
২৬|১২|২০|



Post a Comment

0 Comments