অসমীয়া কবিতা আই || Assamese Poem Aai

আই

বহু দিনেই হ'ল দাপোনত মুখ নোচোৱা ___

আই!তই যোৱাৰে পৰা
সময়বোৰ বৰ উৰুঙা পৰা,
চৰাইৰ কাকলিতো বুকু জুৰ
নপৰে সমূলি ___

আই! তই ৰুই যোৱা খৰিকাজাই জোপা
বৰকৈ ফুলিছে
আমোলমোল তাৰ গোন্ধত
বুকু মোৰ হিয়ালি জিয়ালি

পকা বগৰীবোৰো তল ভৰি সৰি
থেহ পাতিছে ___
বটলত ভৰাই তেল নিমখ দিবলৈ
মনেই দেখোন নাযায়
তই যে নাই আই!

তই বয় দিয়া কাপোৰ সাজ পিন্ধিলেই
গালে মুখে তোৰ মৰমবোৰে
হাত ফুৰাই দিয়ে,
অবুজন চকুলোৱে বাধা নামানে অ' আই

সিদিনা মাজনী মাহী আহিছিল
মই হেনো সাইলাখ তোৰ দৰেই
মাহীয়ে চকুলো টুকি কৈছিল ___

সেয়েহে বহু দিনেই হ'ল
দাপোনত নিজকে নোচোৱা
কিজানিবা নিজকেই তই বুলি
সাৱটিব খুজি
ভাঙি পৰোঁ কান্দোনত হিয়ালি জিয়ালিকৈ

মোক বুকুত সোমোৱাই নিচুকাবলৈ
তই যে আৰু নাই অ' আই___!

আঞ্জুম। গুৱাহাটী। 24/2/2021



Post a Comment

0 Comments