তোমাৰ অপেক্ষাত
তোমাৰ ছবি মোৰ হৃদয়ৰ অসীম সীমনাত
সাগৰ নীলাতো তোমাৰ দুচকুৰ গভীৰতা
তোমাৰ হৃদয়ৰ গোপন কোঠা
তাত মৰমৰ অবুজ গাঁঠা
দিয়া মোক তাৰে মৰম একাজলি
সিঁচি দিম তাত প্ৰেমৰ গীতাজ্ঞলি
পাৰিবা জানো দিব মৰম একাজলি ?
তথাপিও ৰৈ আছো হেঁপাহৰ দুৱাৰ দলিত
মৃত্যুৱে মোৰ ভগা পঁজা নগৰকা পয্যন্ত ।
✍️ৰেখাশ্ৰী হাজৰিকা
প্ৰেৰণা তুমি মোৰ
জীৱনৰ বাটচ'ৰাৰ !
অনুৰাগ তোমাৰ বাবে ,
নাই কোনো অভিমান ।
মাথো প্ৰহেলিকা
হৈ তুমি
আঁতৰি নাযাবা ;
দূৰ বহু দূৰ
বহু দূৰলৈ ।
অভিমান
মৰমৰ অধিকা
মৰমৰ অধিকাৰ
কিয় বাৰু কৰোঁ!
মইতো জানো
শিল হৈ বাগৰে
হৃদয়ে হৃদয়ে।
ফুল হৈ ফুলে
অজানিতে কৰণিতে।।
ৰংবোৰৰ ঠেঁহ
নলগাবা
নহ'লে বৰশিব
তোমাৰ কলিজাৰে।
অনুভৱ
সেইদিনা আমাৰ পৃথিৱ
আকাশেও কান্দিছিলে,
সিক্ত হৃদয়খনে মোৰ দুচকুত
অশ্ৰু নিগৰালে ভাষাৰে।
তুমি কৈছিলা, "মৰমবোৰত
ঠেহ নলগাবলে.... "
প্ৰতিশ্ৰুতি বোৰ বাস্তৱত
ৰূপায়িত হ'বলে
ঘূৰণীয়া ধৰাত
আমি দুয়ো দুয়োৰে।
এতিয়াও সেই মুহূর্ত মনত
আহিলে চকুলো নিগৰে!!
"""" পণ্""""
দুহাতৰ ৰঙ দুটিৰে
সময়ৰ বেটুপাতত;
নিগৰাইছিলো হৃদয়ৰ স্পন্দনেৰে
আৱেষ্টনিৰ মাজত,
নীলাভ মনৰ সেই ভাষাৰে
মাথো প্ৰশ্ৰয় দুচকুত।।
ময়তো আভজনী নহওঁ যে
অচিনাকি সুৰত
মতলীয়া হ'ম যে...
ৰচিছিলোঁ মোৰ কবিতাত
প্ৰেমৰ আভাৰে,
সেই পংতিবোৰত।।
সুন্দৰতাৰ পথেৰে
আত্মবিভোৰ তোমাৰ নামত।।
-কৰবী
0 Comments