50+ Best Assamese Poem For Love || Assamese Poetry

বহু কথাই পতা নহ'ল

*******************

তুমিটো নাহা জানো
তথাপিও বৰ হেঁপাহ
এবাৰ যদি আকৌ লগ পোৱা হ'লে
মনৰ কথাবোৰ হেঁপাহ পলুৱাই পাতিলো হয় ।

মোৰ হৃদয় খনে তোমাক
বৰকৈ বিচাৰে
প্ৰতিটো খোজত যেতিয়া উজুতি খাওঁ ,
তোমাৰ অবিহনে বৰ কষ্ট হৈছে
জীয়াই থাকিবলৈ
কোনো দিনেই কল্পনা কৰা নাছিলোঁ
তোমাক যে অকালতে হেৰুৱাব লাগিব ।

চিতাৰ জুইকুৰা যেতিয়া দপ দপকৈ জ্বলিছিল
মোৰ হৃদয় খনে বৰকৈ কান্দিছিল
ক্ষন্তেক পিছতেই তুমি ছাই হৈ যাবা
আৰু মই হৈ যাম অকলশৰীয়া।

আহিবাছোন এদিন
বহু কথাই পতা নহ'ল।


দাদুল শইকীয়া

সপোন হৈয়েই থাকি গ'ল

**********************

মোৰ হৃদয়ত অঙ্কুৰিত হোৱা
সেউজীয়া সপোনবোৰ
তোমাৰ মৰমত
ডালেপাতে পূৰ্ণাঙ্গ হৈ পৰিছিল।
জীৱনৰ খলা-বমা কাঁইটীয়া পথত
তোমাৰ সান্নিধ্যত দেখিছিলো
সপোন ৰচিবলৈ
হাজাৰটা ব্যস্ততাৰ মাজত ,
তুমিয়েই শিকাইছিলা
সপোনৰ বাটত খোজ দিবলৈ ।
সপোনবোৰ মৰহি গ'ল
যি দিনা বঞ্চিত হলো
তোমাৰ মৰমৰ পৰা ,
কান্দি কান্দি কিমান যে
অশ্ৰুৰ নৈ খন সৱল হৈ পৰিছিল
মাত্ৰ বিচাৰিছিলো তোমাৰ পৰা
এষাৰি মাত.....।
কিন্তু !
তোমাৰো যে
নাছিল কোনো উপায়
সঁহাৰি জনাবলৈ মোক ,
সেয়ে
সপোনবোৰ
সপোন হৈয়েই থাকি গ'ল !


দাদুল শইকীয়া

--তোমাক বিচাৰি--

****************

তুমি ঘূৰি নাহা বুলি জানো
তথাপিও হৃদয়ে নামানে
হাহাকাৰ কৰি থাকে
স্মৃতিবোৰৰ মাজত
তোমাক বিচাৰি।

ৰামধেনুৰ সাতোৰঙীৰ দৰে
সংসাৰৰ ৰঙীনতাত
বিচাৰি পাইছিলো
মিঠা সোৱাদ,
লাৱণ্যময়ী তোমাৰ
কাজলসনা চকুযুৰিত
এটি এটিকৈ বাস্তৱ হৈছিল
নিগৰিত হোৱা মোৰ
মনৰ সপোন।

হঠাৎ এদিন
জৌ জৌ কৈ সৰি পৰিল
মধুৰ সপোনবোৰ,
উদং হৈ পৰিল
বুকুৰ মাজৰ পৰা
চিৰ দিনৰ বাবে
তোমাৰ মৰম ভালপোৱা ।


দাদুল শইকীয়া

--তোমাৰ মৰমৰ টোপোলা--

*************************

তোমাৰ হৃদপিণ্ডৰ প্ৰতিটো স্পন্দনত
মোৰ হৃদয়ত প্ৰতিধ্বনি হোৱা
তোমাৰ মৰমবোৰ ,
হেঁপাহেৰে আঁকোৱালি লৈ
অৰ্পি দিছিলোঁ
মোৰ সমস্ত তোমাক ।

কিমান যে মধুৰ সপোনৰ
ছবি আঁকি বুৰ মাৰিছিলোঁ ,
সপোন সাগৰত
আমি দুয়ো

হঠাতে এদিন আউল লাগিল
সপোনৰ ডেউকাত,
ছিঙি থাকিল
পাখি লগা ডেউকাখনি

বিষাদৰ ৰজনীত ,
তোমাৰ মৰমবোৰ
বুকুতে সাৱতি লৈ
বৈ পৰা অশ্ৰুক
এতিয়া কেনেকৈ বুজাওঁ ?
তুমি যে কোনোদিনেই
বিচাৰি নাহা ,
তোমাৰ মৰমৰ টোপোলাটো ।


দাদুল শইকীয়া

Post a Comment

0 Comments