অসমীয়া দুখৰ কবিতা || Assamese-Poem.Com

পাহৰোঁ বুলিয়েই জানোঁ পাহৰিব পাৰি

পুৰণি কেলেণ্ডাৰ খন পেলাই দি
নতুনখন গজালত ওলোমাই দিলোঁ
আৰু পুৰণিৰ সকলো দুখ বিষাদ
পাহৰি পেলাবলৈ চেষ্টা কৰিলোঁ।
কিন্তু.....
কিন্তু পাহৰোঁ বুলিয়েই জানোঁ পাৰি
পাহৰি পেলাব অতীতৰ মিঠা স্মৃতি!
কিছু তিতা, কেহা, দুখ ,বিষাদ আতৰাই
মিঠা স্মৃতি বোৰক ৰাখোঁ বুকুত সাৱটি।
বেয়া নাথাকিলে ভাল কিবা আছে বুলি
অনুভৱ জানোঁ কৰিব পাৰিলোঁহেতেন
আন্ধাৰ নাথাকিলে পোহৰৰ মাদকতা
ক'ত বাৰু বিচাৰি পালোঁহেতেন!
দুখ অবিহনে সুখৰ নাই তেনেই মূল্য
দুখৰ বাবেইতো সুখ আমাৰ অমূল্য
বিষাদ অবিহনে যিদৰে হৰ্ষৰ নাই মজা
মানৱ জীৱন সেয়ে সুখ দুখেৰে সজা।
পোৱা- নোপোৱা, সুখ দুখ, হৰ্ষ -বিষাদ
সকলো সামৰিয়েইতো মানৱ জীৱন
পুৰণিক পাহৰি নতুনক আকোঁৱালি লোৱা
এইয়াকো প্ৰকৃতিৰ চিৰাচৰিত নিয়ম।


ভাৰতী শৰ্মা।
গুৱাহাটী (উলুবাৰী) ।




নাভাবিবা তুমি

তুমি ভৱাৰ দৰে মই নহয়
মোৰো আছে এখন সঁচা হৃদয়
আছে মায়া মমতা উপচি তাত
মৰমৰ নিজৰা নিগৰি বয়।
ভাল পাব জানোঁ হিয়া উজাৰি
সুখ দুখ সামৰি লওঁ হৃদয়ত
ভাগি নপৰো ঘাত প্ৰতিঘাতত
সাহসেৰে আগবাঢ়ো জীৱন বাটত।
দুখত নপৰো বৰকৈ ভাগি মই
সুখতো নহওঁ তেনেই আত্মহাৰা
ধিৰ স্থিৰ গতিৰে বিবেকক মানো
তথাপি নহওঁ কেতিয়াও দিশহাৰা।

আনে কি কয় তাত নিদিওঁ গুৰুত্ব
মনে বিচৰা ধৰনে কৰোঁ কাম
সেই বুলি নহওঁ মই উদণ্ড স্বভাৱৰ
আগবাঢ়ো লৈ হৰিৰ নাম।
আনক ঠগি নিজে ধনী হোৱাৰ
নাই কোনো মোৰ হাবিয়াস
সহজ সৰল জীৱন ভালপাওঁ মই
ভালপাওঁ মুকলি উশাহ-নিশাহ।
তুমি নাভাবিবা মোক নিষ্ঠুৰ বুলি
মোৰো আছে এখন সচাঁ হৃদয়
য'ত মৰম নামৰ নদীখনি নীৰৱে
আনে নেদেখাকৈ নিগৰি বয়।

ভাৰতী শৰ্মা।
গুৱাহাটী( উলুবাৰী) ।

বিষাদ

বিষাদবোৰ কেতিয়াবা টোপা টোপে সৰে
কব নোৱাৰাকৈয়ে
হৃদয়ৰ পৰা নিগৰি নিগৰি
বৈ যাব খোজে নদী হৈ।

নিৰিবিলি জোনাক ৰাতি
জোনবাইয়ে সিচিছিল জোনাক
মুঠি মুঠি কৈ ধৰালৈ বুলি
হাঁহি হাঁহি বুটলি লৈছিলো
আঁচল ভৰাই উলাহত।

মোৰ মন পখীটি উৰিছিল
শুকুলা ঘোঁৰাত উঠি
জোনাকীৰ দেশলৈ, দূৰ দিগন্তলৈ
শুকুলা মেঘৰ আৰে আৰে
খেপিয়াই জীৱনৰ ৰঙীন বাটটি।

হঠাতে শুকুলা মেঘে যেন ৰং সলাই
হৈ পৰিল ডাঠ কলা আস্বাদন
গিলি পেলালে আহি শুকুলা ঘোৰা
ভাগি গ'ল ডেউকা মন পখীটিৰ
আৰু.....
সৰি পৰি তললৈ হ'ল থানবান ।

বিষাদৰ ডাৱৰে হেচি ধৰে আহি
হেৰাই যায় আজি মুকুতাৰ হাঁহি
আউসীৰ এন্ধাৰত বাট হেৰুৱাই
দিশহাৰা পখী হৈ ফুৰোঁ খেপিয়াই
জোনাকীও হাঁহে দাঁত নিকটাই ।

সেয়ে আজি বব খোজে বিষাদৰ নৈ
হৃদয় সাগৰত লগাই তোলপাৰ
ভাঙি যাব খোজে হৃদয় দুৱাৰ
পিছে ..........
মানিব নোখোজো মইও জীৱনত হাৰ।

ভাৰতী শৰ্মা ।
গুৱাহাটী( উলুবাৰী) ।

Post a Comment

3 Comments

  1. বহুত ভাল লাগিল good job আমাৰ মাজত ডাঙি ধৰাৰ বাবে

    ReplyDelete
  2. অসমীয়া কেপচন জীৱনৰ বিষয়ে উক্তি লিখনিৰ job আছে visit My website www.assamesecaption.com contact me

    ReplyDelete