তুমি কিয় নুবুজিলা মোৰ ভালপোৱা
তুমি কিয় নুবুজিলা মোৰ ভালপোৱা?
তুমিয়েইটো কৈছিলা মোক
নদী যেনেকৈ নুশুকা ই
আমাৰ ভালপোৱাও নদীৰ দৰেই থাকিব সদায়,
পাহৰি গ'লা!
কথাবোৰ সপোন সপোন যেন লাগে এতিয়া,
কেতিয়াবা.… মৰি যাবৰ মন যায় জানা!
তুমি নুবুজিবা ভগ্ন হৃদয়ৰ বেথা।
যেতিয়া কৈছিলা মোক,তুমি মোক নহয়
আন কাৰোবাক ভালপোৱা
মোৰ হৃদয়খন ফাটি-ছিটি গৈছিল সিদিনা
সেইখন হৃদয়কে লৈ কোনোমতে
আজিও জীয়াই আছো জানা।
সুখী নহ'বা...
এখন হৃদয় ভাঙি জানো সুখী হ'ব পাৰিবা?
দুদিনৰ মতলীয়া প্ৰেমত পৰি
চঞ্চল মনটোক কাৰাৰুদ্ধ কৰিব নোৱাৰি
গুচি গ'লা বহু দূৰলৈ মোৰ পৰা
যোৱা...যোৱা
মই তোমাক কেতিয়াও আমনি নকৰোঁ
প্ৰতিশোধো নলওঁ তোমাক
আশীৰ্বাদ কিম্বা অভিশাপও দিব নোৱাৰোঁ তোমাক
কিয় জানা?
আজিও যেন হৃদয়ৰ কোনোবা কোণত তুমিয়েই আছা
কেতিয়াও সুখী নহ'বা
তথাপিও কওঁ...সদায় ভালে থাকিবা
আতঁৰি থাকিম তোমাৰ পৰা
সদায় সুখী হোৱা...
সদায় সুখী হোৱা।।
প্ৰতিভা বৰা
যোৰহাট ৭/০১/২০২২
মই হেনো নষ্ট কবি
মই হেনো নষ্ট কবি
এৰা,মই নষ্ট কবি
কবিতাৰ নগ্নতাত মই উটিভাঁহি যাওঁ
কবিতাৰ বুকুত সোমাওঁ
সেয়ে মই নষ্ট কবি...।
সাগৰৰ বুকুত মাণিক বিচাৰি
কবিতাৰ সৈতে এপৰলৈকে কটাওঁ
নিজানৰ সুৰংগৰে কবিতাবোৰ খোজকাঢ়ি আহে
কথা পাতে মোৰ সৈতে
কবিতাবোৰ গাভৰু হৈ পৰে।
মোক আলিঙ্গন কৰে কবিতাবোৰে
কবিতাৰ উমাল বুকুত
শান্তিৰ নিশ্বাস বিচাৰি পাওঁ
এটা মিঠা অনুভৱে মোক স্পৰ্শ কৰে।
এটা হুমুনিয়াৰ অন্ত পেলায় আকৌ গুচি যায়
আকৌ অহাৰ প্ৰতিশ্ৰুতিৰে...।।
প্ৰতিভা বৰা
যোৰহাট ৭/০১/২০২২
পৰিছে মনত তোমালৈ আজি
নীলিম সলিল ৰাশি
দিগন্ত প্ৰসাৰি
এটি এটি কৰি হাততে হেৰাই,
হে মোৰ আজন্মৰ লগৰী
পৰিছে মনত তোমালৈ আজি।
নিশাৰ মায়াত বন্দী তুমি মই
সিও যাব এদিন উটি
থাকিব মাথো একোটি স্মৃতি
নকৈ জ্বলাব চাকিটি।
দিনৰ পোহৰত সবে নুজুৰাই
প্ৰীতিৰ তৰাটিও লুকাই
ডালৰ পক্ষীয়েও বিৰহত বিনাই
শুনোতাহে কেও নাই।
ঢিমিক-ঢামাক কৰি জ্বলি থকা চাকিটি
হঠাতেই নুমাব এদিন
পৰিবনে মনত তোমাৰ
আজিৰ এই স্মৃতি,পাৰ কৰা সোণালী সপোন।
হে মোৰ প্ৰিয়া,আজি আৰু নকৰিবা অভিমান
তুমিও নাথাকিবা মইয়ো নাথাকিম
নাথাকিব আমাৰ আখ্যান,
হে মোৰ আজন্মৰ লগৰী
পৰিছে মনত তোমালৈ আজি।।
যোৰহাট ৭/০১/২০২২
0 Comments