অসমীয়া কবিতা :: তোমাৰ নামতনো কি লিখিম?

তোমাৰ নামতনো কি  লিখিম?

কবিতা‌ লিখিম নে গল্প লিখিম নে  অন্যথা চিঠি ?
তুমিয়েই কোৱাচোন বাৰু?
মোৰ   ভালপোৱাৰ পৰিধি জানো এটি লিখনিতেই সীমাবদ্ধতা হ'ব পাৰে ।
হয় মোৰ প্ৰতিটো অনুভৱক মই তোমাৰ নাম দি কবিতা নাইবা চিঠিৰ আকাৰত আবদ্ধ কৰিব পাৰিম কিন্তু  এটি সামান্য  লিখনিতে অকল সীমাবদ্ধ হৈ ৰব জানো  মোৰ মৰম ভালপোৱা?
কেতিয়াও নৰয়।
আৰু তুমি মানেই চোন মোৰ জীৱনৰ এক গল্প।

✍️ ভাগ্যশ্ৰী কাশ্যপ



Post a Comment

0 Comments