assamese poem lyrics collection || উদাস :: অসমীয়া কবিতা

উদাস

এপাহ ৰক্ত গোলাপৰ অপেক্ষাত
শেষহোৱা দিনান্তৰত উদাসে আগুৰি ধৰে
ফাগুনৰ ধূলিৰে ধূসৰিত সন্ধ্যাক।

ধূসৰ,
ধূসৰ সেই স্মৃতি
উন্মুক্ত দুবাহুৰ বহল বক্ষত
নিশব্দে মুখগুজি শুনি ৰোৱা
নিৰমুখী চৰাইজাকৰ কলকলনীৰ
কেনভাচত বন্দী জীৱন্ত ছাঁয়া ছবি।

বিপৰ্যস্ত,
অপৰাধ বুধত ভাৰাক্ৰান্ত মনৰ
ভালপোৱাৰ নিৰ্বোধ স্বীকাৰোক্তিত
বিপৰ্যস্ত প্ৰেমত বিশ্বাসৰ সৌধ।

হৃদয়,
নিঃসংগতাৰ কালগ্ৰাসত
হৃদয়ৰ সমস্ত অনুভূতি।

✍️ৰুমী মহন্ত।


মুগ্ধাপ্ৰিয়া

মৌনতাৰ আঁচলত গাঁঠি থৈছো তোমাৰ নাম মুগ্ধাপ্ৰিয়া...
মৌনতাৰ সিপাৰে তৰা বচমৌনতাৰ সিপাৰে তৰা বচা
আকাশৰ পৰাই মোক এদিন
ৰিঙিয়াই মাতিবাচোন মুগ্ধাপ্ৰিয়া!
মই দুখবোৰক সেইদিনা আঁতৰাই থ'ম তোমাৰ কবিতাৰ জোনাকত
সিক্ত হ'ব
পৰাকৈ!
নীৰৱতাৰ চাদৰখন সেইদিনা পিন্ধিবলৈ পাহৰাই ৰাখিবা
তোমাৰ কবিতাৰ হিয়া ভৰা ছন্দেৰে;
বৰ্ষণ মুখৰ নিশাৰ আকুলতাৰে এবাৰ মাথোঁ তোমাৰ শব্দেৰে মোৰ মৌন হৃদয়ক জোকাৰি দিবা
আঁকি দিবা শব্দেৰে নিয়ৰসিক্ত
নিশাৰ বৰ্ণালীৰ উচুপনিৰে মোক আৱৰি থকা এন্ধাৰ কোঠালিটোত এগছি পোহৰৰ চাকি জীৱনৰ বাবে !
মোৰ বাবে মুগ্ধাপ্ৰিয়া!

ফাগুনলৈ বেছি দিন নাই!
নিয়ৰবোৰক সমাহিত কৰি
জীৱনৰ মৌন মুহূৰ্তৰ
সময় বোৰক জীপাল কৰিবলৈ
ফাগুনক আমন্ত্ৰণ জনাবলৈ নেপাহৰিবা মুগ্ধাপ্ৰিয়া;
স্নিগ্ধতাৰ অৰ্ণভ্ৰ আকাশত
তোমাৰ অলকেৰে আবৃত হ'ব খোজোঁ বাৰে বাৰে;
তোমাৰ শব্দবোৰক জ্যোতিৰিংগৰে টিপচাকি জ্বলাই
পোহৰবোৰ সিঁচি দিম অনুভৱৰ
বকুলৰ ছাঁত!

নীলনক্ষত্ৰৰ বুকুত গাঁঠিম
নৱনিধিৰ এধাৰি মালা
য'ত বেদনাবোৰে আমনি নকৰাকৈয়ে তোমাৰ কবিতাৰ
পাঠ শুনিবলৈ বাট চাই ৰ'ব
মৌনতাৰ শিপাডালত মেৰিয়াই
থ'ব এক লহমাৰ বাবেই তোমাৰ
অনুভৱী শব্দবোৰক তোমাৰ
পৰা তোমাৰ স্নিগ্ধনীলৰ বুকুলৈ!

✍️শেৱালি বৰা

শুনিলো

শুনিলো মোৰ শব্দবোৰে হেনো তোমাক বিন্ধিলে !
আৰু নাহিবা, -তল সৰা ফুল পাত বিচাৰি;
মোৰ অভিমানী বাগিচাত;
বুকুখন যে বৰ বিষায়,
তুমি যোৱাৰ পৰত ।
মোৰ প্ৰতিটো শব্দই অন্তৰৰ
এক নিভৃত কোনত সাচি ৰখা;
বহু নিবিঢ় মুহুৰ্তত ,
কত যে কল্পনা-জল্পনাৰ সম্ভাৰ !
কম বুলি বিচাৰিও কব পৰা নাছিলো ।
সেয়েহে হবলা -
বিন্দু বিন্দু হৈ শঁৰ হৈ উঠে
অনাকাঙ্খিত মোৰ শব্দবোৰ ।
ভুল নুবুজিবা ই মোৰ আৰ্তনাদ মাথো ;
মোৰ হৃদয়ত তাল ফাল হোৱা ধুমুহাই,
কেতিয়াবা মোকেই উৰুৱাই নিলে ।
আকৌ যদি হয় আমাৰ দেখা-
বুজি পাবা দুৰ্ভগীয়া মোৰ হৃদয় গাঁথা ।
মেঘবোৰ যেতিয়া আকাশত উৰে,
মই বৰ চঞ্চল হৈ উঠো ।
দুৰ দিগন্ত নেওচি মই শব্দবোৰ সামৰো ;
ভাল লাগে -
তেতিয়াটো তুমি মোৰ আকাশত জোনটো হৈ জিলিকা।
শুনিলো .......................................!

✍️অৰ্পন মেধি

Post a Comment

7 Comments