মৃত্যুৰ কবিতা :: শেষ নিশ্বাস

শেষ নিশ্বাস

মই আৰু নাই
মই আৰু এই পৃথিৱীত নাই ।
মই কেতিয়াবাই
 এই পৃথিৱীৰ পৰা নিজকে মুক্ত কৰিলো ।
মোৰ বুকুত উমি উমি জ্বলি থকা জুইকুৰা কেতিয়াবা ই পুৰি চাই হ'ল ।
বৰ কষ্টৰ মাজত যন্ত্ৰনাৰ বলি হৈ‌ সেই বন্দি সজাৰ পৰা   নিজকে মুক্ত কৰিলো ।
কি যে যন্ত্ৰনা‌দায়ক দুৰ্দশা মাজত মই জীয়াই আছিলো ।
প্ৰতি দিনে মোৰ খং অভিমানে মোৰ বুকু হেঁচা মাৰি ধৰিছিল
যেন কাকো একো কব ও নোৱাৰো
উস্  কি যে অপৰিসীম যন্ত্ৰনা

মই কিয় তেনেকুৱা কৰি আছিলো ম ই নিজে নাজানো
মোৰ অতীতে যে মোক
প্ৰতি দিনে প্ৰতি নিশাই খেদি ফুৰিছিল ।
পাহৰিব বিচাৰিও পাহৰিব পৰা নাছিলো অতীতৰ সেই স্মৃতি বোৰক ।
এটা সময়ত সেই স্মৃতিয়ে মোক এনেকৈ দহিবলৈ ধৰিছিল যে শেষত ম ই মোৰ
ধৈয্য  হেৰাই পেলাইচিলো আৰু  জীৱন বেলাৰ শেষ নিশ্বাস ত্যাগ কৰিছিলো

✍️ ভাগ্যশ্ৰী কাশ্যপ



Post a Comment

0 Comments