গল্প :: হৃদয়ে বিচাৰে তোমাক

    কৃশাংকু দুৱৰাৰ এটি সুমধুৰ গানেৰে আৰম্ভ হয় প্ৰগতিৰ ৰাতিপুৱা।কন্ঠত যেন কিবা এটা শক্তি বিৰাজমান তেওঁৰ।এনে এক শক্তি যি শক্তিয়ে আকৰ্ষিত কৰি তোলে বাৰে বাৰে।গানৰ কথাবস্তুবোৰো অৰ্থপুৰ্ণ।কোনোবাতো গানে হহুৱাই কোনোবাতো গানে কন্দুৱাই আৰু কোনোবাতো গানে দি যায় প্ৰেমৰ সুবাস।যোৱা দুবছৰে তেওঁ হৈ পৰিছে সকলোৰে নয়নৰ মণি।তেওঁ গানেৰে শ্ৰোতাৰ মন জয় কৰিবলৈ সক্ষম হৈছে।অনবৰতে, দিন ৰাতি ছেদ ভেদ নোহোৱাকৈ যেন তাই তেওঁৰ গানকেই শুনি থাকিব,শুনি শুনি হেঁপাহ নপলাই তাইৰ।ডায়েৰীৰ পাত কেৱল তেওঁৰেই নাম,তেওঁৰ বাবে লিখা কবিতা,তেওঁৰ বাবে লিখা তাইৰ মনৰ অনুভৱেৰে পৰিপুৰ্ণ হৈ পৰিছে।এটা এলবাম
বেলেগে লৈছে যত কেৱল কৃশাংকুৰ ফটো।
লগৰবোৰে তাইক জোকাই তাই তাৰ প্ৰেমত পৰা বুলি,তাই তেতিয়া মিচিকিয়াই হাঁহে আৰু কয়"পৰিবও পাৰো..তাততো কোনো বাধা নাই আৰু কাৰোবাক ভালপালেই যে তেওঁক পাবই লাগিব তাৰোতো কোনো ধৰা বন্ধা নিয়ম নাই।"
লগৰ কেইজনীয়ে তাইৰ কথাত হাঁহে।
  দিনবোৰ পাৰ হয় প্ৰগতিৰ।বি.বৰুৱা কলেজৰ হোষ্টেলীয়া জীৱনতোৰ সুখকৰ মুহুৰ্তবোৰ উপভোগ কৰাৰ মাজতো কৃশাংকুক অনবৰতে কঢ়িয়াই ফুৰে মনৰ সাঁচতীয়া চন্দুকত তাই।হয়,তাই ভালপায় কৃশাংকুক,সচাঁ অন্তৰেৰে।কিন্তু বাওঁনা হৈ চন্দ্ৰলৈ হাত মেলিছে তাই,যিটো কথাত সকলোৱে ইতিকিং কৰে তাইক।তাইৰ ডায়েৰীখন তাইৰ ৰুমমেট মেঘালীয়ে পাই ফটো মাৰি গোটেইখন কলেজ ষ্টুডেন্টবোৰৰ সৈতে চেয়াৰ কৰি পেলালে।যাৰ বাবে তাইৰ সৈতে আজিও মাতবোল নাই প্ৰগতিৰ।ৰুমটোও সলাই পেলালে ৱাৰ্ডেনক কৈ প্ৰগতিয়ে।মধ্যবিত্ত  ঘৰৰ ছোৱালী তাই।দেউতাকে শিক্ষকতা কৰে এখন নগাঁৱৰ এখন এল.পি স্কুলত।বহু কষ্টেৰে তাইক গুৱাহাটীত পঢ়াইছে।তাইৰ হাতত এটা স্মাৰ্তফোন দিছে যদিও নিজে এটা কিপেড ফোন ব্যৱহাৰ কৰে দেউতাকে।দেউতাকৰ সন্মানত আঘাত হানিব পৰা কোনো কাম তাই কৰিব নোৱাৰে।কেনেবাকৈ যদি দেউতাই মোৰ ডায়েৰীৰ কথা কলেজত ওলোৱা বুলি গম পায় বহুত দুখ পাব।চিন্তিত হৈ পৰে তাই।
স্নাতক দ্বিতীয় বৰ্ষৰ ছাত্ৰী তাই।পঢ়াত একাণপতীয়া স্বভাৱৰ।কলেজত সকলো শিক্ষকৰে প্ৰিয় ছাত্ৰী  আছিল তাই।কিন্তু ডায়েৰীৰ কথাটোৰ পৰা যেন তাইক গা এৰা দি চলিব বিচাৰে সকলোৱে।প্ৰায়বোৰ ছাত্ৰ-ছাত্ৰীয়েই তাইক দেখিলেই আজিকালি ফিচিঙা-ফিচিঙি কৰে।তথাপিও তাই সেইবোৰ মন দিব নিবিচাৰে।নিজৰ মাজতেই ব্যস্ত হৈ থাকে।
    চেশ্যনেল পৰীক্ষা হৈছিল সিহতঁৰ।পৰীক্ষা দি ওলাই আহোতেই তাইক হঠাতে স্নাতক তৃতীয় বৰ্ষৰ এজন লৰাই আগচি ধৰি কবলৈ ধৰিছিল
"হেৰা কৃশাংকুৰ আজন্ম প্ৰেমিকা।কিমান দিন আৰু তাক ভালপায় থাকিবা?মই তোমাক বহুত দিনৰে পৰা লক্ষ্য কৰি আছো।ভাল লাগে তোমাক,তুমিতো কৃশাংকুক আজিলৈকে লগ পোৱা নাই!আৰু লগ পালেও সি তোমাক পাত্তা দিব জানো?"
  লৰাজনৰ কথাত প্ৰগতিৰ গাত কঁপনি উঠিছিল আৰু কৈছিল..
"আপোনাৰ প্ৰশ্নৰ উত্তৰ মোৰ লগত নাই।মই এতিয়াই একো ভাবিব পৰা হোৱা নাই এইবোৰৰ কথা।প্লিজ মোক বাটতো এৰি দিয়ক।"
লৰাজনৰ খং উঠিল।আৰু তাইক চিঞৰি চিয়ৰি কবলৈ ধৰিলে..
"তুমি মোক এনেদৰে এভইদ কৰিব নোৱাৰা
প্ৰগতি।তোমাক ভাল পাওঁ বহুত। প্লিজ তোমাৰ ফোন নম্বৰটো দি যোৱা।"
  "মই নোৱাৰিম দাদা তেনে কৰিব।কৈছোতো আপোনাক মই সেইবোৰ কথা ভাবি চাব পৰা হোৱা নাই।"
"তুমি মোৰ ভালপোৱাৰ প্ৰস্তাৱ গ্ৰহণ কৰিব নোৱাৰা কিন্তু কৃশাংকুক লগ নোপোৱা স্বত্বেও তাৰ কথা ডায়েৰীৰ পাতত লিখি থব পাৰা?"
"দাদা মই নিবিচাৰো মোৰ পাৰ্চনেল লাইফত কোনোবাই হস্তক্ষেপ কৰাতো।প্লিজ মোক যাবলৈ দিয়ক"
"ফোন নম্বৰটো দিবানে?"
"নিদিও"
"ঠিক আছে তুমি যোৱা..কালিলৈ তুমি গম পাই যাবা মোক ফোন নম্বৰ নিদিয়াৰ পৰিণতি"
  প্ৰগতি গুচি গৈছিল আৰু হোষ্টেল পায়েই বিচনাত পৰি পৰি কান্দিছিল।বাৰে বাৰে নিজকে প্ৰশ্ন কৰিছিল..কিয় ভাল পায় তাই কৃশাংকুক?তেওঁতো সম্পুৰ্ণ এখন বেলেগ পৃথিৱীৰ মানুহ..তেওঁৰ জীৱন আৰু মোৰ জীৱন সম্পুৰ্ণ সুকীয়া।কিন্তু তাইতো ভুল কৰা নাই!কেৱল অন্তৰতে কৃশাংকুক ভাল পাই।কাৰোবাক ভাল পোৱাতো কি ভুল হব পাৰে?কিয় ভাল লাগে ইমান তাইৰ তাক?কি আছে তাৰ মাজত?আজিলৈকে যাক এবাৰো লগ পোৱা নাই তাৰ প্ৰতি কিয় ইমান আকুলতা?সি চাগে বেলেগ কাৰোবাক ভালো পায়।
কি হৈছে তাইৰ?সচাকৈয়ে জোখতকৈ বেছি কৰিছে নেকি বাৰু?বাঁওনা হৈ চন্দ্ৰলৈ হাত মেলিছেনেকি?কিয় তাক ইমান ভাল পায় পেলাইছে।নাই একো উত্তৰ নাই তাইৰ ওচৰত।মাথো এটাই উত্তৰ,তাই কৃশাংকুক বহুত ভাল পায়।
টেবুলতে থকা ভগৱানৰ ফটোখনলৈ চাই পঠিয়াই আৰু কাকূতি কৰে তাক পাহৰাই দিবলৈ।মনৰ পৰা মচি  পেলাবলৈ কিয়নো তাই যে নোৱাৰে তেনে কৰিব!
গোটেই ৰাতি কান্দি কান্দি পাৰ কৰিছিল তাই।ৰাতিপুৱা দেৰিকৈ শুই উঠি কলেজলৈ লৰালৰিকৈ গৈছিল।গৈ পায় তাই আচৰিত হৈ পৰিছিল।এটা ফেচবুক স্টেটাছ যিটো তাইক দেখুৱাবলৈ তাইৰ লগৰ অনুৰাগ দৌৰি আহিছিল।
ষ্টেটাছতো আছিল তাই আৰু কৃশাংকু সম্বন্ধীয়।যিটো ভাইৰেল কৰিছিল কালি তাইক ভালপোৱাৰ প্ৰস্তাৱ দিয়া লৰাজনে।
দুভৰিৰ তলৰ মাটিখিনি যেন হঠাতে নোহোৱা হৈছিল প্ৰগতিৰ ষ্টেটাছটো দেখি।
ষ্টেটাছতোত তাইৰ ফটোখনৰ সৈতে লিখিছিল যে"এই ছোৱালীজনীয়ে গায়ক কৃশাংকু দুৱৰাক বহুত ভাল পায়। বহুত দিনৰে পৰা ছোৱালীজনীয়ে কেৱল কৃশাংকুৰ নামকে লৈ থাকে মুখত।প্ৰেমত পৰি মানসিক বিকৃতি ঘটিছে বুলি ডক্টৰে জানিবলৈ দিছে।কোনোবাই পাৰে যদি মেন্টেল হস্পিতেল নিয়াৰ ব্যৱস্থা কৰক"
ইমান বেয়াকৈ প্ৰতিশোধ লব পাৰে মানুহে?কিয় এনেকুৱা কৰিব লাগে?যদি কেনেবাকৈ দেউতাই এইবোৰ গমবপায় কাৰোবাৰ পৰা?
তাই অনুৰাগক সুধিলে পোষ্টটো কিমান সময়ত শ্বেয়াৰ কৰা বুলি।সি কলে ৰাতি ‍‍১২ বজাতে কৰা বুলি।ভয় লাগিল তাইৰ দেউতাকে কেনেবাকৈ পাব বুলি।
তেতিয়া ১০ বাজিবৰ হৈছিল।আগ পাছ নুগুনি মই লৰাজনক বিচাৰিবলৈ যাবলৈ লওতেই তিনিখনমান গাড়ী আহি তাইৰ সন্মুখতে ৰলহি।থমকি ৰল তাই।
পিছৰ গাড়ীকেইখনৰ পৰা কেইবাজনো লোক নামি আহিল।আৰু সন্মুখৰ গাড়ীখনৰ ওচৰত ৰলহি।অলপসময়ৰ পিছত যিটো দৃশ্য দেখিলে তাই সেই ঠাইত ৰৈ থাকিব নোৱাৰিলে।মুখত দোপাট্টাখনেৰে মুখত সোপা দি দৌৰ মাৰিলে।অনুৰাগ সেই ঠাইতে অবাক লাগিল।কিয়নো গাড়ীৰ পৰা কৃশাংকু নামি আহিছিল মুখত যেন এক বিষাদভৰা হাঁহি।দুচকু চানগ্লাছেৰে ঢাকি ৰাখিছিল ধৰা পৰি যোৱাৰ ভয়ত হয়তো।অনুৰাগে বুজি পাবলৈ বাকী নাথাকিল যে কৃশাংকু প্ৰগতিৰ পোষ্টটোৰ বাবেই আহিছে।কি বা কব তাইক?কেনেবাকৈ তাইক সচাকৈ মানসিক ৰোগী ভালি ট্ৰিটমেন্টৰ বাবে সহায় কৰিবলৈ অহা নাইটো?
কৃশাংকু অহা দেখি ছাত্ৰ-ছাত্ৰীবোৰে হেতা ওপৰা লগাইছিল অটোগ্ৰাফ আৰু ছেল্ফি উঠিবলৈ।কিন্তু কৃশাংকুৱে বাৰে বাৰে এটা কথাই কৈ আছিল.."where is that girl?মই কেৱল তাইক লগ পাবলৈ আহিছো।বেলেগ একো উদেশ্য নাই।তোমালোকে প্লিজ আজি মোক দিষ্টাৰ্ব নকৰিবা!"
অনুৰাগে চিয়ৰিছিল কৃশাংকুক উদেশ্যি"তাই ইয়াতে আছিল দাদা।আপুনি অহা বাবে এইমাত্ৰ গুচি গ'ল।বহুত লাজ পাইছে আজি তাই"
"ইয়াত লাজ কৰিব লগা একো নাই।প্লিজ মাতি দিয়া তাইক।নহলে মই যাম তাইৰ ওচৰলৈ।লৈ যোৱা কত আছে"
অনুৰাগে লৈ গৈছিল কৃশাংকুক সিহঁতৰ দিপাৰ্টমেন্টলৈ।কিন্তু তাত নাছিল তাই।অনুৰাগে ফোন লগাইছিল বাৰে বাৰে তাইলে।ৰিচিভ কৰা নাছিল প্ৰগতিয়ে।কৃশাংকু চিন্তিত হৈ পৰিছিল বহুত।অনুৰাগক তাইৰ ওচৰলৈ লৈ যাবলৈ কৈছিল বাৰে।অনুৰাগে তাইলৈ মেছেজ লিখিছিল"কৃশাংকুৱে তোক লগ পাবলৈ হাবাথুৰি খাই ফুৰিছে..প্লিজ সোনকালে আহ।"
  তাই ৰিপ্লাই দিয়া নাছিল।কৃশাংকুক বহিবলৈ দি সকলো খুলি কৈছিল তাক।অনুৰাগ হোষ্টেল পাইছিলগৈ আৰু তাইক লৈ আহিছিল।সকলোৱে কৃশাংকুক দেখি আচৰিত হৈছিল।বিশেষকৈ প্ৰগতিক বিচাৰি অহাৰ কাৰণে।সকলো উৎসুক হৈ পৰিছিল প্ৰগতি আহিলে কি হব?কি কব তাইক সি সেইটো জানিবলৈ।জুম বান্ধিছিল সকলো ছাত্ৰ-ছাত্ৰী।
    কৃশাংকুৰ মনত জাগি উঠিছিল প্ৰগতিৰ প্ৰতি আন্তৰিকতা।দুচকুৰ দুকোণত জমা হৈছিল অশ্ৰুৰ কণিকা।কেনেকৈ মানসিক ৰোগী বুলি কবলৈ সাহ পালে কোনোবাই?কিয় কব তেনেকৈ?চ'চিয়েল মিডিয়াত অপমান কৰিছে তাইক।আৰু সি নিবিচাৰে তাৰ বাবে কোনোবা দুখী হোৱাতো।মানুহক সুখী কৰাতো তাৰ ধৰ্ম।ভাল পায় সি মানুহক সুখত ৰাখি।
     প্ৰগতি অনুৰাগৰ পিছে পিছে আহি কৃশাংকুৰ সন্মুখত ৰলহি।
কৃশাংকুৱে মাত লগালে তাইক..
"মৰমলগা ছোৱালীজনী ওলাই আহা সন্মুখলৈ।লাজ কৰিব নালাগে,অনুৰাগে সকলো কলে মোক"
  ভয়ে ভয়ে ওলাই আহিছিল তাই।কৃশাংকুৱে তাৰ দেহৰক্ষী গৰাকীৰ হাতৰ পৰা ফুলৰ থোপাটো বিচাৰিছিল আৰু তাইৰ সনন্মুখতে আঁঠু কাঢ়ি বহি পৰিছিল।লগে লগে প্ৰগতিও বহি পৰিছিল।আগবঢ়াই দিছিল কৃশাংকুৱে তাইলৈ ফুলৰ থোপাটো।সতেজ ৰঙা গোলাপৰ মৃদু সুগন্ধই সুগন্ধিত কৰি তুলিছিল প্ৰগতিৰ মন।লাহেকৈ তাই লৈছিল তাৰ হাতৰ পৰা।কৃশাংকুৱে তাইক প্ৰশ্ন কৰিছিল..
-কিমান দিনৰ পৰা ভালপোৱা তুমি প্ৰগতি মোক?
-যেতিয়াৰে পৰা আপোনাৰ গান শুনিছো।
-কিয় ভালপোৱা মোক?
-ভালপোৱাৰ কোনো কাৰণ নাথাকে।তথাপিও আপোনাৰ কন্ঠৰ প্ৰেমত পৰিছিলো প্ৰথমে আৰু লাহে লাহে আপোনাকো ভাল লগা হৈ আহিছিল।
আৰু কোনো কাৰণ নাজানো।
দুচকুৰে টপাটপ চকুপানী সৰিছিল তাইৰ কৃশাংকুৱে সকলোৰে সন্মুখতে বহাৰ পৰা থিয় কৰাই দিছিল তাইক আৰু সি পুনৰ বহি পৰিছিল আঠুকাঢ়ি।
-মই তোমাৰ প্ৰেমক স্বীকাৰ কৰিছো।আগবাঢ়িব খুজিছো মই তোমাৰ সৈতে প্ৰেমৰ বাটত।তোমাৰ কিবা আপত্তি আছে?
-মিছা কথা কৈ মোক অপমানিত কিয় কৰিছে সকলোৰে আগত?আপুনি আৰু মই বহুত বেলেগ।আপোনাৰ ষ্টেটাছ আৰু মোৰ ষ্টেটাছ সম্পুৰ্ণ পৃথক।মই পাহৰিবলৈ চেষ্টা কৰিম আপোনাক।প্লিজ আপুনি যাওকগৈ।
-যদি নাযাও।মইও যদি তোমাক ভালপাও বুলি কও তেতিয়া?তোমাৰ প্ৰেমে বাধ্য কৰালে মোক প্ৰগতি।ক্ষন্তেকতে প্ৰেমত পৰিলো তোমাৰ।পোষ্টটো পোৱাৰে পৰা এক মুহুৰ্তও শান্তিৰে থাকিব পৰা নাই।এনেই তোমাক বিচাৰি অহা নাই মই প্ৰগতি বিশ্বাস কৰা মোক।ভালপোৱাত কোনো ষ্টেটাছৰ কথা নাহে।ভালপোৱাই কেৱল দুখন হৃদয়ৰ মিল হোৱাটো বিচাৰে।
তোমাৰ প্ৰেমক স্বীকৃতি দিছো মই আৰু তুমি মোৰ ভালপোৱাক সহাৰি জনোৱা প্লিজ!কোৱা জনাবানে?
-......
-কোৱা প্ৰগতি।মই বুজিছো।তুমি ভয় খাইছা মই তোমাক মিছাই এইবোৰ কৈছো বুলি কিন্তু গোটেই কলেজ সাক্ষী আছে চোৱা!সকলোৰে আগত আজি তোমাক কথা দিছো তোমাক কেতিয়াও প্ৰৱঞ্চনা নকৰো।প্লিজ উত্তৰ দিয়া।
  মুৰ দুপিয়াইছিল প্ৰগতিয়ে।
সকলোৱে হাত চাপৰি বজাইছিল ।কৃশাংকুৰ ওঠত বিয়পি পৰিছিল প্ৰাপ্তিৰ প্ৰস্ফুটিত হাঁহি।বিদায় মাগিছিল সকলোৰে পৰা।যোৱাৰ পূৰ্বে অনুৰাগৰ পৰা প্ৰগতিৰ ফোন নম্বৰটো লৈছিল সি।
   প্ৰগতিক লগৰ সকলোৱে বেঢ়ি ধৰিছিল।আশ্বৰ্য হোৱাৰ লগতে আনন্দত আত্মহাৰা হৈ পৰিছিল অসম্ভৱকো সম্ভৱ হোৱা দেখি।
   কৃশাংকুৱে গাড়ীত বহিয়েই তাইলৈ মেছেজ পঠিয়াইছিল...
"হৃদয়ে বিচাৰে তোমাক..বিচাৰে তোমাৰ আজন্ম প্ৰেমিক হবলৈ,আপকামিং এলবাম তোমাৰ নামত ৰিলিজ হব প্ৰগতি..ঘৰলৈ গৈ ফোন কৰিম,কথা পাতিম বহুত,ভালদৰে চিনাকি হম"
জুমৰ মাজতে প্ৰগতিয়ে মেছেজটো খুলি চাইছিল আৰু মিচিকিয়াই হাঁহিছিল।প্ৰেমৰ শক্তিক অনুভৱ কৰিছিল তাই।প্ৰমাণ পাইছিল যে কাৰোবাক যেতিয়া সঁচা অন্তৰেৰে পাবলৈ ইচ্ছা কৰা হয় তেতিয়া ভগৱানেও তেওঁলোকক মিলাবলৈ যত্ন কৰে।মনে মনে ভগৱানক ধন্যবাদ জনালে তাই আৰু হোষ্টেললৈ বাট বুলিলে।তেনেকুৱাতে ছোৱালী দুজনীমানে ফোনত কিবা এটা চাই কোৱা শুনিলে আৰু থমকি ৰল।
"চা চা..কৃশাংকুৱে ষ্টেটাছ দিয়া লৰাজনক নিজৰ ফেচবুক পেজত তীব্ৰ গৰিহণা দিছে আনক মানসিক ৰোগী সজোৱাৰ বাবে"।
  প্ৰগতিৰ মনটো ফৰকাল হৈ পৰিল কথাটো শুনি।কৃশাংকুক ভাল বুলি তাই জানিছিল।কিন্তু তাইৰ ভালপোৱাক ইমান সহজে মানি লব বুলি সপোনতো ভৱা নাছিল।কথাবোৰ ভাবি ভাবি তাই পুনৰ হোষ্টেললৈ বাট ললে।
         *****সমাপ্ত*****

গল্প :: হৃদয়ে বিচাৰে তোমাক

লেখা:- লেখিক‍া বৰা গগৈ



Post a Comment

0 Comments