ৰোমাণ্টিক কবিতা :: কামনাৰ টোপাল

- কামনাৰ  টোপাল -

******************
তোমাক দেখিলেই মোৰ ----
কিমান ভাল লাগে জানা?
হয়তো তুমি নাজানা,
আজীৱন চিনাকি তুমি মোৰ
শীতল লাৱনী প্লাৱিতা
জলধাৰা ------------
বৈ অহা বুকুৱেদি
উটি ভাঁহি যোৱা
সুৰৰ মুচ্ছ'নাৰ লহৰ ।

ক'ত দিন ক'ত ৰাতি ------
সৰিপৰা তুমি কামনাৰ
টোপাল হৈ---------
চপ চপীয়া পথাৰ খনে
ৰচে সন্তান সম্ভৱা হৈ
অলেখ সেউজীয়াৰ জন্ম দিবলৈ  ।

আৰু--, তুমি আৰু মই -------
বিচাৰি যাওঁ
তাহানিৰ
শৈশৱ----এৰি অহা বাটে
স্বপ্নীল স্বণ'লীৰআধাৰত --
লুতুৰি পুতুৰি হৈ--
এজাক বৰষুণত শিহঁৰণ
সাৱটি--,
দুহাত মেলি দুয়ো তিতিবলৈ
বৰকে তিতিবলৈ ------।

                          ✍️ মনোৰমা 


                       

Post a Comment

0 Comments