মৰমে মৰম বিচাৰে | গল্প

 হৃদয়ৰ কোনোবাখিনিত থূপ খাই থকা দুখবোৰে খুন্দা মাৰি ধৰে কেতিয়াবা আৰোহীৰ।ইমান নিৰ্দ্য় কেনেকৈ হ'ব পাৰে মানুহ?বিশেষকৈ সেই মানুহজন যাক প্ৰাণে পণে তাই ভাল পাই।তাইক চিৰজীৱনলৈ কাষত পাবৰ বাবেই এদিন যিজন মানুহে তাইৰ মা-দেউতাকৰ ওচৰত কান্দিছিল আজি সেইজনে তাইক কাষত পাইও ইমান বেয়া ব্যৱহাৰ কেনেকৈ কৰিব পাৰে?অভিমানী হৈ পৰে মনটো।বাৰে বাৰে ঘুৰি যাব খোজে অতীতৰ সেই মিঠা মিঠা স্মৃতি বিজড়িত দিনবোৰৰ মাজলৈ।যেতিয়া সি লগ নোপোৱাকৈয়ে তাইৰ যত্ন লৈছিল ফোনতে।কেতিয়াবা গাটো বেয়া লাগিছে বুলি ক'লেই যে ফোনতে গোটেইটো কব নোৱাৰা হৈ পৰিছিল!
"তোমাৰ গাটো বেছিকৈ বেয়া লাগিছেনেকি?
ঠিকে আছাতো তুমি?
ডক্টৰৰ ওচৰলৈ যোৱানা প্লিজ দেউতাক কৈ!
খোৱা বোৱা কৰিছানে ভালদৰে?
খাব নোৱাৰিলেও যত্ন কৰিবা খাবলৈ।"
  আৰু যে কত কি প্ৰশ্ন সুধিছিল।
কিন্তু বিয়াৰ পিছৰপৰা যেন সকলো সলনি হৈ গৈছিল।
  বিয়াৰ দুদিনৰ পিছৰ কথা।ৰাতিপুৱা গা ধুই আহি যেতিয়া তাইৰ স্বামী নিপনক দেৰিলৈকে শুই থকা দেখি ধুই দিয়া চুলিখিনি জোকাৰি দিছিল ধেমালি কৰো বুলি কিন্তু নিপনে শোৱাৰ পৰা উঠি বহি জাঙুৰ খাই উঠিছিল।খং কৰিছিল কিয় শান্তিৰে শুবলৈ দিয়া নাই বুলি?
আৰোহীৰ দুখ লাগিছিল মনত।তাই বিচাৰিছিল ধেমালি কৰিবলৈহে,নিপনে তাইক যি ব্যৱহাৰ কৰিছিল সেই ব্যৱহাৰে বাৰুকৈয়ে আঘাত হানিছিল তাইৰ মনত।
  দিনবোৰ বাগৰিছিল তেনেকৈয়ে।সলনি হৈছিল আৰোহী।বোৱাৰীৰ দায়িত্ববোৰ পালন কৰিবলৈ প্ৰয়াস কৰিছিল প্ৰতিটো ক্ষেত্ৰতে।সদায় ৰাতিপুৱা ৮ বজাত শোৱাৰ পৰা উঠা ছোৱালীজনী পাঁচ -ছয় বজাতে উঠিছিল।ঘৰত কোনোদিন চোতাল সাৰি নোপোৱা ছোৱালীজনীয়ে সদায় ৰাতিপুৱা চোতাল ঘৰ সাৰি গা ধুইছিল।শহুৰ শাহ কোনো নাছিল তাইৰ।দুয়োজনে বিয়াৰ আগতেই মৃত্যু বৰণ কৰিছিল।ননদ এগৰাকী আছিল কিন্তু সিহতৰ বিয়া হোৱাৰ দুবছৰ আগতেই বিয়া দিলে তাইক নিপনে।
  আৰোহীয়ে বিচাৰে তাইৰ লগতে নিপন উঠি একো কাম নকৰিলেও তাইৰ কাম কৰি থাকোতে সৈতে কিবা কিবি এটা কথা পাতক।গা ধুই আহিলে নিপনে চাহ একাপ বনাই মুখৰ আগত দিয়ক।কিন্তু বিয়াহোৱা ছমাহ অতিক্ৰম কৰাটো তাই তেনেকুৱা একো নাপালে।বৰঞ্চ তাৰ চৰিত্ৰৰ অৱনতিহে দেখা পালে।
বিৰক্তি লাগে কেতিয়াবা তাইৰো।গাৱলীয়া পৰিৱেশ ওচৰ চুবুৰীয়া সকলোৱে ৰাতিপুৱা নিত্য-নৈমিত্তিক কাম কাজবোৰ সোনকালে কৰি আজৰি হয়।সেয়ে তাইৰ দেৰিলৈক শুবলৈ মন গলেও নোৱাৰে শুব।
কিয়নো অকলে কামবোৰ কৰি ভাতৰ যোগাৰো সোনকালেই কৰিব লগা হয়।নিপন এখব ব্যক্তিগত খণ্ডৰ স্কুলৰ শিক্ষক গোলাঘাটৰ।যদি কেনেবাকৈ কেতিয়াবা অলপ পলম হয় তেতিয়াও তাইক গালি পাৰে"ইমান সময়ে ভাতকেইটা ৰান্ধিব পৰা নাই"বুলি।কোনোমতে ভাতকেইটা বাঢ়ি দি তাই তাক খুৱাই উলিয়াই পঠিয়াই বিচনাত পৰি হুৰাহুৰে কান্দে।
  সিহতৰ সন্মুখৰ ঘৰৰ আইতা এগৰাকী প্ৰায়েই আহে আৰোহীৰ ওচৰলৈ।তেওঁ নিপনৰ চিঞৰ বাখৰবোৰ শুনা বুলি আৰোহীক কয়।কিন্তু আৰোহীয়ে মিছাকৈ কয় কিবা বস্তু বিচাৰি নাপালে চিঞৰে বুলি।মনে মনে বুদ্ধি দিয়ে তাইক সন্তান এটাৰ কথা চিন্তা কৰিবলৈ।কৈছে তাই কেইবাবাৰো তাক সেই বিষয়ে কিন্তু তাৰ হেনো সেইবোৰ জঞ্জাল লবৰ মন নাই ইমান সোনকালে।
  তথাপিও এবছৰৰ পিছত তাই এদিন গম পালে যে তাই গৰ্ভৱতী।ভাবিছিল নিপনক কলে নিপন বহুত সুখী হব।কিন্তু নিপনে কোনো বিশেষ ৰিয়েক্ট নকৰিলে।
মনটো বহুত বেয়া লাগিছিল তাইৰ।
  কেইদিনমান বাগৰাৰ লগে লগে তাই ভালদৰে খাব বব নোৱাৰা হৈছিল।মুৰ ঘুৰণি আৰু বমি বমি ভাৱটো অনবৰতে লাগি ফুৰিছিল।তথাপিও তেনেকৈয়ে কাম কৰি ফুৰিছিল।দুই তিনিদিন একো এটা নোখোৱাকৈ থাকিছিল।কিয়নো খালেই তাইৰ বমি হৈছিল।নিপনে তাইক কোনো ধৰণৰ যত্ন লোৱা নাছিল।কেৱল তাইক দুৰ্বল বুলিহে গালি পাৰিছিল।
   লাহে লাহে তাইৰ গৰ্ভৰ কণমানিটি ডাঙৰ হৈছিল।৯ মাহ হোৱাৰ লগে লগে তাইৰ মাক  আহি সিহতৰ ঘৰতে থাকিবলৈ লৈছিল।মাককো নিপনে ভালকৈ মাত এষাৰ দিবলৈ টান পাইছিল।তথাপিও তাইৰ মাকে নিপনক বহুত মৰম কৰিছিল।মাকে বুজিব পাৰিছিল জীয়েকৰ মনৰ অৱস্থাৰ কথা।
সুধিছিল তাইক কথাবোৰ কিন্তু তাই লুকুৱাইছিল সকলো কথা মাকৰ পৰা।
   কালিলৈ তাইৰ অপাৰেশ্যন হব।মাকে হস্পিতেল যাবলৈ কাপোৰ কানি টোপোলা বান্ধিছে।কিন্তু নিপনত কোনো খবৰ নাই।যেন তাৰ কৰণীয় কাম একোৱেই নাই।
মাথো হস্পিতেললৈ নিব লাগে যি নিবহে।
আগতেও চেক-আপ ৰ বাবেহে যি নিয়ে তাতো বিৰক্তিহে পায়।যিমান কেয়াৰ লব
বুলি তাই ভাবিছিলে তাৰ তিলমাণো নললে নিপনে তাইৰ যত্ন।সেয়ে মনটোৰ লগতে দুচকুও সেমেকি উঠিছে আজি তাইৰ।মাকৰ বুকুত মুৰ থৈ উচুপি উঠিছে।
নিপনে ৰুমলৈ সোমাই অহাত মাক ওলাই দিয়ে ৰুমৰ পৰা আৰু নিপন তাইৰ কাষতে বহেগৈ।
  আনদিনাতকৈ যেন নিপনৰ আজি হঠাতে তাই কান্দি থকা দেখি মন বেয়া লাগিল।
হয়তো তাইক কিমান কষ্ট দিছে সি বুজি উঠিছে।তাইৰ সোঁহাতখন তাৰ হাতৰ মুঠিলৈ
অ‍ানি কৈছে..
-মোক ক্ষমা কৰিবা।তুমি মোৰ বহুত অত্যাচাৰ সহ্য কৰিলা আৰোহী।আচলতে মই তোমাক ভালপাও কিন্তু কি জানা তোমাক সেই মৰমবোৰ দেখুৱাব মই জনা নাছিলো।বুজিব পৰা নাছিলো তুমি যে মোৰ ব্যৱহাৰত দুখ পোৱা।তুমি কন্দা দেখিলে ভাবিছিলো মিছাই কান্দি দেখুৱাইছা বুলি।
ৰাতিপুৱা সোনকালে উঠি মোৰ বাবেই ভাত ৰান্ধি লৰালৰিকৈ খুৱাই পঠিওৱা।তথাপিও মই তোমাক কিবা এটা বেয়া হলে বা নিমখ কম বেছি হলেই চিয়ৰি উঠো।আহিব লগীয়া কনমানিটিকো মই অৱহেলা কৰিলো।আজি বুজিব পাৰিছো তুমি যেতিয়া মাৰ বুকুত সোমাই উচুপিছা।বহুত দুখ পাইছা ন তুমি?
ইমানদিনে তুমি বাৰু কম কষ্ট সহ্য কৰিলানে?মোক ক্ষমা কৰি দিয়া প্লিজ!
-হব দিয়া।মই তোমাক বেয়া পাইছো বহুত।কিন্তু এতিয়া এইবোৰ কথা পাতি মই নিজকে বেছি কষ্ট দিব খোজা নাই।
কালিলৈ দিনটোৰ কথা ভাবা এতিয়া।

  নিপন গুচি গৈছিল তাইৰ তেনে উত্তৰত কিন্তু তেতিয়াৰপৰাই সি তাইৰ পিছে পিছে লাগি ফুৰিছিল।শাহুৱেকক কামবোৰতো সহায় কৰিছিল।
  পিছদিনা ৰাতিপুৱাই হস্পিেললৈ গৈছিল তিনিও।প্ৰায় ১১ বজাত এটা লৰা সন্তান জন্ম দিছিল আৰোহীয়ে।নাৰ্চে তুলি দিছিল নিপনৰ হাতত কণমানিটোক।মৰমলগা মুখখন দেখি নিপনৰ চকুপানী নিগৰিছিল।বুজি উঠিছিল সি যে কণমানিটি সিহতৰ ভালপোৱাৰ প্ৰতীক আৰু এই কণমানিটিক সি আৰোহীৰ বাবে লাভ কৰিছে।আৰোহীক চাবলৈ খুউব মন গৈছিল তাৰ।শাহুৱেকৰ হাতত লৰাটো গতাই দি সি ঢপলিয়াই গৈছিল তাইৰ কাষলৈ।আৰোহীয়ে তাক দেখি মিচিকিয়াই হাঁহিছিল।
-ঠিকে আছানে তুমি?
আৰোহীয়ে চকুযোৰ টিপিয়াই ঠিকে থকাৰ ইংগিত দিছিল।স্বস্তিৰ নিস্বাস এৰিছিল সি।
বুজিছিল মৰমেহে মৰম বিচাৰে।যদি সি আৰোহীৰ মৰমক বুজি পায় তাৰ মৰমবোৰ দেখুৱাব পাৰিলেহেতেন তেন্তে আৰোহীয়ে কোনোদিন চকুপানী টুকিবলগীয়া নহলহেতেন।তাৰফালে চাই থকা আৰোহীলৈ চাই সি পুনৰ ক্ষমা খুজিছিল কাণ দুখনত ধৰি।আৰোহীয়ে কান্দিছিল।
সি তাইক নাকান্দিবলৈ কৈ কপালত এটি মৰমৰ চুমা আকি দিছিল।দুয়োৰে মন ভৰাই তুলিছিল প্ৰাপ্তিয়ে।আৰোহীৰ মাকে বাহিৰৰ পৰা সকলো দেখি সন্তুষ্টিৰ হাঁহি মাৰিছিল।

                 ***সমাপ্ত***

লেখা:- লেখিকা বৰা গগৈ

Post a Comment

0 Comments