Long Distance Relationship | খণ্ড ৬

                Long Distance Relationship
                                খণ্ড:- ৬
 আমি সুনীল কথা বাৰু জানি আছোঁ।পিছে অনিতা তাইৰ দেখোন খবৰে লোৱা নাই এবাৰ তাইৰ ও খবৰ লওঁ। সাত বছৰ ৰ প্ৰেমিক সুনীল ক মনত ৰাখিছে নে পাহৰিলে। তাই এতিয়াও গুৱাহাটী ত আছে পঢ়া শেষ হোৱা নাই আৰু পাঁচ মাহ মান আছে শেষ পৰীক্ষা লৈ। তাইৰ এতিয়া নতুন প্ৰেমিক আছে এম্ বি বি এছ ফাইনেল ইয়াৰৰ ছাত্ৰ। তাই সুখত আছে পিছে সঁচা মৰম পিছে সেই সুখ বেছি দিন নাথাকিল কিয়নো কিছু দিন পিছত সি তাইক এৰিলে। তাৰ মাজতে এটি দুখ গৈছে তাইৰ জীৱনত তাই ভায়েক ক হেৰুৱাইছে।
   আকৌ আহিছোঁ সুনীল ৰ কথা লৈ সি বন্ধুৰ লগত অসম আহিব আজি তিনি মাহ মান হল তাইৰ খবৰ নাই পোৱা সেয়ে তাইক বিচাৰি আহিব এইবাৰ তাক প্ৰশ্ন ৰ উত্তৰ লগে কিয় এনেকুৱা কৰিলে। তাৰিখ মতে সুনীল আৰু বন্ধু ৰাকেশ আহিলে অসম। সিহঁতে গুৱাহাটীৰ পৰা নলবাৰী আহিলে। নলবাৰী ষ্টেচনত দুয়ো নামিছে ৰেলৰ পৰা। অলপ সময় তাতে থিয় হৈ আছে হঠাৎ সুনীল ৰ পিঠিত কোনোবাই থপৰীয়াই দিছে সি ঘূৰি চাই দেখিলে দিগন্ত।
দিগন্ত _ তুমি ইয়াত যে অনিতাক বিচাৰি আহিচা। মোক মাফ্ কৰি দিয়া মই নোৱাৰিলোঁ যোগাযোগ কৰি দিব। আচলতে মোৰ বেমাৰ হৈছিল। আৰু কিবা কীবি কলে সি।
সুনীল _ একো নাই যি হব লগা হৈছে হল এইবাৰ মই বিচাৰি চাও কিজানি মোৰ প্ৰশ্নৰ উত্তৰ পাওঁ। পিছে এওঁ কোন দিগন্তৰ লগত থকা ছোৱালী জনী ৰ কথা সুধিলে।
দিগন্ত _ নিজে শুধা কোন হয় হাঁহি মাৰি কলে। সেই হাঁহিত বুজিব পাৰি ছোৱালী জনী কোন হয়। সুনীল একো নকলে। ছোৱালী জনী নিজে আহি কলে তোমাৰ কথা জানো আমাৰ গাঁওৰ বহুতে জানে তোমালোকৰ কথা। মই কও শুনা তুমি তাইক পাহৰি যোৱা। সুনীল অলপ আচৰিত হয় সুধিলে কিয়? তাই কলে অনিতা ইমান ভাল ছোৱালী নহয় স্বভাৱ চৰিত্ৰ ইমান ভাল নহয়।
সেই কথা শুনি সুনীল যেন দিনতে আন্ধাৰ দেখিচে। তেনেকুৱা হয়তো স্বাভাৱিক তাৰ প্ৰেয়সী ৰ কথা তেনেকৈ শুনিছে। সি তাৰ পৰা বাহিৰত ওলাই গৈ একেলগে দুটা চিগাৰেট হূপিলে।তেতিয়া সময় ৰাতিপুৱা ৫:৩০ মান আছিল। ৰাকেশ আহি সুনীল ক কলে ভাগি নপৰীবি আহিছোঁ যেতিয়া কিবা এটা হব। পিছে পিছে দিগন্ত ও আহিল সি কলে ইমান ৰাতিপুৱা কত কি কৰিবা এটা কাম কৰা প্ৰেমদা হোটেল এখন আছে তাত গৈ ফ্রেচ হব পাৰিবা থাকিব ও পাৰিবা তাৰ পৰা ঠিকনা লৈ সিহঁত আহিল হোটেল প্ৰেমডা ত। তাত 500 টকা লাগিব বুলি কলে। সিহঁত এটা ৰুমত গৈ গা ধুই ললে আৰু অলপ সময় জিৰণি লৈ ওলাই আহিল। তাৰ পৰা সিহঁত গল নিশা ভাৰা থকা মালিকৰ ঘৰত কাৰণ তাত সুনীল দুমাহ থাকি গৈছে ঘৰৰ মানুহৰ লগত তাৰ ভাল বিশেষ কৈ ডাঙৰ ছোৱালী জনীৰ লগত নিজৰ বায়েকৰ দৰে। সিহঁতৰ ঘৰত গৈ কলে যে কিবা কামত আহিছে দুদিন থাকিব তাতে টকা দুই হেজাৰ দিলে তেওঁলোকে মানা কৰিলেও সি হাতত দি দিলে। তাত চাহ খায় ডাঙৰ ছোৱালী জনীক সকলো কলে তেতিয়া তাইৰ বিয়া হৈ গৈছিল দুদিন আগত মাকৰ ঘৰত আহিছে তাই। তাইৰ পৰা সুনীল সহায় বিচাৰিলে তাই ও মান্তি হল। তিনিও মিলি পৰিকল্পনা কৰিলে ৰাকেশ আৰু চায়া দুয়ো অনিতা ৰ ঘৰত যাব। সুনীল যিহেতু এবাৰ তাত গৈছে সি সকলো জানে ছায়া নলবাৰীৰ গতিকে সুনীল কোৱা মতে তাই যোৱাত অসুবিধা নাই। ১০ মান বজাত ব্ৰেক ফাষ্ট কৰি ৰাকেশ আৰু চায়া গল গৈ অনিতা ৰ ঘৰত। এঘণ্টা মান পিছত দুয়ো অনিতা ৰ ঘৰ পালে। চায়া নিজকে অনিতা ৰ বান্ধৱী বুলি চিনাকি দিলে আৰু ৰাকেশ ক তাইৰ সম্পৰ্কীয় ভনীয়েক বুলি কলে পিছে ৰাকেশ অসমীয়া কব নাজানে বাবে কলে সৰুৰ পৰা বাহিৰত থাকে মানে দেউতাকৰ চাকৰী দিল্লীত। তাই কলে মোৰ বিয়া বাবে মাজত পঢ়া বন্ধ হল এতিয়া আকৌ পঢ়িব সেই বাবে তাই অনিতাক লগ কৰিব আহিছে তাই সেই একে কৰ্ছ কৰিব যিটো অনিতা কৰি আছে। ময়েকে কলে তাই গুৱাহাটীত আছে তেতিয়া তাই কলে খুৰী তাইৰ ফোন নম্বৰ টো দিয়ক। মাকে কলে দিম বাৰু তোমালোক বহা চাহ খায় যাবা। সিহঁত বহিল মাক অনীতাক ফোন কৰি সুধিলে কোনোবা চায়া আহিছে সকলো কথা কলে তাইক লগত অহা লৰা জনৰ কথাও কলে। তাই মাক ক কলে মোৰ নম্বৰ নিদিবা মোৰ  তেনেকৱা কোনো বান্ধৱী নাই। তাইক কবা নম্বৰ টো দি যাব মই ফোন কৰিম বুলি কবলৈ। সেই মতে মাকে চাহ খোৱাৰ পিছত অনিতা কোৱা মতে কয় সিহঁতক বিদায় দিলে।
  এই ফালে সুনীল অপেক্ষা কৰি আছে সিহঁতৰ। কিছু সময় পিছত সিহঁত আহি সকলো কলে। তাৰ আৰু দুখ লাগিল। তাৰ পিছত ৰাকেশ আৰু সুনীল গুৱাহাটী আহিব ওলাল। দুপৰীয়া সিহঁতৰ ঘৰত ভাত খালে। ভাত খায় আকৌ গুৱাহাটী আহি পালে আবেলি। হোটেল বুক কৰি ৰাতিটো কিবাকৈ কটালে ৰাতিপুৱা সিহঁত অনিতাক গুৱাহাটীত বিচাৰিব যিবোৰ ঠাইত সুনীল আগতে অনিতাক লগ পাইছে বা জানে কত আছিল সেইবোৰ ঠাইত বিচাৰিব। ৰাতিপুৱা উঠি সিহঁত গল সেই ঠাইত যত আগত অনিতা আছিল সুনীল ও দুদিন থাকি গৈছিল। তাত 2 ঘণ্টা মান থাকি সিহঁত গল গুৱাহাটী ইউনিভাৰ্ছিটি  ।গুৱাহাটী ওপেন ইউনিভাৰ্ছিটি ৰ গেটৰ সন্মুখত ৰাতিপুৱা ১০:৩০ মানৰ পৰা ৪ বজালৈকে কটালে লাহে লাহে লৰা ছোৱালী নোহোৱা হব ধৰিলে। তেতিয়া সিহঁত দুয়ো আকৌ ৰুমত গল। গধূলি আকৌ আগৰ ৰুমৰ ওচৰত গল নাই নেদেখিল তাইক। তেনেকৈ এদিন পাৰ কৰিলে।ৰাতি গভীৰ হৈ আহিল দুয়ো ৰাতিৰ আহাৰ খায় পিছ দিনা কত যাব তাকে ভাবি ৰাতি টো অপেক্ষা কৰিলে আকৌ এটি নতুন দিনৰ।

     দ্বিতীয় দিনা পুৱা ব্ৰেক ফাষ্ট কৰি আকৌ দুয়ো ওলাল ইউনিভাৰ্ছিটি লৈ ৰাতি পুৱা হয়টো তাই ক্লাছ কৰিব আহিলে লগ পাব নাই মনৰ আশা মনতে ৰল। এবাৰ তাই কৈছিল তাই পল্টন বজাৰত থাকে তাত গল নাই কত বিচাৰি পাব। কেতিয়াবা ইউনিভাৰ্ছিটি আকৌ আদাবাৰি মালিগাওঁ পল্টন বজাৰ গণেশগুৰি মুঠতে তাইৰ পৰা যি ঠাইৰ নাম শুনিছিল বা তাইক লগ কৰোঁতে গৈছিল সকলো ঠাইতে তাইক বলিয়া মানুহৰ দৰে চাৰি দিনে বিচাৰিলে। পিছে ভগৱানে মূৰ দাঙি নাচালে অৱশেষত বুকুত একুৰা জুই লৈ সিহঁত আকৌ ঘৰ যাব ওলালে। অনিতা কিন্তু সুখত আছে তাই জানিছিল ঘৰত বিচাৰি অহা লৰা ছোৱালী হাল যে সুনীল পঠাইছে তথাপিও তাই তাৰ এবাৰ খবৰ নললে। তাইৰ যে মানৱীয়তাৰ ও অভাৱ সুনীল তাইক ইমান বেছি ভাল পাইছিল এবাৰ মৰমত বুজাই কলে হয়টো সি আঁতৰি গলে হয়। বাৰু তেনেকুৱা একো নকৰিলে নতুন প্ৰেমিক ৰ লগত ব্যস্ত তাই। আৰু সুনীল আৰু কেতিয়াও অসম নাহো ভাবেৰে উভতি গল নিজৰ ঘৰত।
   এনেকৈ আৰু দুমাহ মান কটালে সুনীল আগতকৈ অলপ কম মদ খোৱা কৰিলে পিছে একেবাৰে এৰি দিয়া নাই। তাৰ এনেকুৱা অৱস্থা দেখি তাৰ বন্ধু এজনৰ বহুত বেয়া লাগিল। সি অনিতা ক ফেচবুকত বিচাৰিলে যিটো একাউণ্ট সুনীল আগতে বিচাৰি পাইছিল কিন্তু তাই একো উত্তৰ দিয়া নাছিল। সেইটো একাউণ্ট আচলতে তাইৰে আছিল। বন্ধু জনৰ নাম আছিল বিকাশ আৰু অনিতা ৰ ভায়েকৰ নাম ও আছিল বিকাশ। বিকাশ নামৰ লৰাৰ দেখি তাই বন্ধুত্ব কৰিলে। তাইৰ ভায়েকৰ নাম বিকাশ আছিল কিন্তু আজি সি এই পৃথিৱীত নাই। তেনেকৈ কথা পাতিব আৰম্ভ কৰিলে। এনেকৈ দুমাহ যোৱাৰ পিছত সি অনিতা ক সঁচা কথা কলে আচলতে সি সুনীল ৰ বন্ধু আৰু সুনীল ৰ অৱস্থাৰ কথা তাইক কলে। তেতিয়া তাই বিকাশ ক অনুৰোধ কৰিলে সি যাতে অনিতা ৰ কথা সুনীল ক নকয়। সি ও হব বুলি কলে পিছে এমাহ পিছত সি সকলো কথা সুনীল ক কলে আৰু তাৰ সেই আই ডি টো সুনীল ক দি দিলে কিয়নো সেইটো তাৰ নিজৰ আই ডী নহয় সুনিলক সহায় কৰিবলৈ খুলিছিল। প্ৰায় ৮ মাহ পিছত সুনীল এদিন অনিতা ক মেচেজ কৰিলে মই বিকাশ নহয় সুনীল যদি বেয়া নোপোৱা কিবা এটা মেচেজ কৰিবা অলপ কথা আছে তোমাৰ লগত। তাই সেই দিনা মেচেজ কৰিলে দুয়ো দুয়োৰে খবৰ ললে কথাৰ মাজত সি সুধিলে নতুন প্ৰেমিক আছে নে নাই। তাই মিছা মাটিলে নাই বুলি কলে তুমি মোৰ প্ৰথম আৰু শেষ প্ৰেমিক। তেতিয়া সি আগৰ কথা বোৰ সুধিলে কিয় এনেকুৱা কৰিলে তাই কলে দেউতাই মোক শপত দিছিল তোমাৰ লগত কথা পাতিলে নিজে মৰি যাব। এনেকৈ কিছু কথা পাতিলে তেতিয়াও সুনীল অনিতা ৰ অপেক্ষাত আছে সি কলে মোৰ জীৱনত ঘূৰি অহা। তাই সেই একে মিঠা কথা মোৰ জীৱনত তুমি সদায় আছা আৰু থাকিবা। এতিয়া মই দেউতাৰ শপতত বন্ধ খায় আছোঁ যদি ভগৱানে আমাৰ মিলন লিখিছে নিশ্চয় হব। তাইৰ মিঠা কথাত ডুবি যায় সুনীল। ভাবিলে তাক বুৰ্বক যেন লাগে পিছে সি বুৰ্বক্ নহয় মৰম আকলোয়া হে। তেনেকৈ সিহঁতৰ অলপ কথা হবলে ধৰিলে। সুনীল নিজৰ আই দি ৰ পৰা ও কথা পতা হল। কিন্তু তাই ফোন নম্বৰ নিদিয়ে কিবা নহয় কিবা অজুহাত দেখায়। তাইৰ তেতিয়া আকৌ নতুন প্ৰেমিক আছে আগৰ জনৰ লগত ব্ৰেক আপ হৈছে। নতুন জন ও আকৌ জি এম চি ত ডাক্তৰ পঢ়া শেষ কৰি নতুকৈ নিয়োজিত হৈছে। পিছে সি তাইক ইমান সময় নিদিয়ে যাৰ বাবে তাই ফেচবুকত সুনীল ৰ লগত কথা পাতে। তেনেকৈ সিহঁত এমাহ মান কথা পাতিলে। সুনীল ও তাইক বেছি আমনি নিদিয়ে ফোন নম্বৰ বিচাৰি সি আগতকৈ অলপ বুজি পোৱা হল তাইৰ মিছা কথা হলেও সি তাইক আকৌ আগৰ দৰে আঁকোৱালি লব যদি তাই ঘূৰি আহে। এনেকুৱা নহয় সি তাত ছোৱালী পোৱা নাই তাৰ বান্ধৱী এজনী মানে মানে তাক ভাল পায় সি বুজি পায় কিন্তু সি নিবিচাৰে। ছোৱালী জনী সকলো ফালৰ পৰা অনিতা তকৈ ভাল দেখিবলৈ বহুত ধুনীয়া কিন্তু তাক নালাগে। সিহঁতৰ কথা বতৰা চলি থাকিল। অনিতা এতিয়া নতুন ৰূম লৈছে আগৰ চিনাকি বান্ধৱী এজনী ৰ লগত। নতুন ৰূম মেত ৰীয়া সহজ সৰল ছোৱালী তাই কিন্তু তাই অলপ জেদী কৰোঁ লগত বেয়া নকৰে আৰু কাৰোবাৰ লগত বেয়া হোৱাটো চাই থাকিব নোৱাৰে। আগলৈ.....

লেখা:- ৰিমা দাস



Post a Comment

0 Comments