আত্মহত্যা মহা পাপ

আত্মহত্যা মহা পাপ

সুখ আৰু দুখ এই দুয়োটা মাজেৰে পাৰ হৈ যোৱাৰ নামেই হ'ল জীৱন যুদ্ধ,! জীৱনৰ লগত যুদ্ধ কৰিবলৈ হলে জীয়াই থকাৰ দৰকাৰ।
 
         এই পৃথিৱীত প্ৰতিটো মানুহৰ মনত কষ্ট বা আঘাত আছে।কিন্তু প্ৰকাশ কৰা পথ বেলেগ বেলেগ ,কোনোবাই হাঁহিৰ মাজেৰে প্ৰকাশ কৰে ,কোনোবাই দুখৰ মাজেৰে প্ৰকাশ কৰে , আৰু আন কোনোবাই প্ৰকাশ কৰিব নোখুজে মনে মনে থাকে,অকলে থাকে ,চিন্তা কৰি থাকে।
 
কষ্ট বা আঘাত লৈ অকলে বা মনে মনে থকা মানুহ খিনিয়ে এদিন জীয়াই থাকাৰ সপোন খিনি পৃথিৱীৰ পৰা হেৰুৱাই পেলায়,কাৰণ প্ৰকাশ নকৰাৰ বাবে এসময় গৈ সিহতৰ ব্ৰেইনটেোৱে আৰু কাম নকৰে,যাৰ ফলত সিহতে আত্মাহত্যা পথ বাচিবলৈ লগিয়া হয়।
 
    ম‌ই সেই সকল কৈছোঁ যিয়ে আঘাত বা কষ্ট , চিন্তিত হয়, মনে মনে বা অকলে নাথাকি তোমাৰ কোনো বিশ্বাসী মানুহ এজনৰ লগত সেই কথা খিনি  প্ৰকাশ কৰি দিয়া, প্ৰকাশ কৰিলে মনৰ কষ্ট বা আঘাত অলপ কমি যায় ,তুমি যাৰ লগত প্ৰকাশ কৰিছা সেই মানুহ জনে কিবা নহয় কিবা এটা যুক্তি বা বুদ্ধি দিব,সেই যুক্তি বা বুদ্ধিৰ মাজত তোমাৰ মনৰ কষ্ট বা আঘাতৰ সমাধানো থাকিব পাৰে।     
   
  আত্মহত্যা জীৱনৰ সমাধান কেতিয়াও হ'ব নোৱাৰে , বন্ধু বান্ধবী সকল জীৱনত যিমানেই আঘাত বা কষ্ট নোপোৱা কিয়,এনেকুৱা পথ বা চিন্তা মনলৈ  নানিবা। জীয়াই থাকি আগলৈ আগবাঢ়ি যোৱা  আৰু আশা ৰাখা। হেৰাই যোৱা বহুত কিবা বিচাৰি পাবা জীৱনত , এইয়া মোৰ অনুৰোধ সকলো বন্ধু-বান্ধৱীক....!

   আত্মহত্যা কৰি মৃত্যু হোৱা লোকৰ বাবে ম‌ই দুখ অনুভৱ নকৰোঁ,কিবা কাৰণ মৃত্যু পথ বাচি লোৱাটো   জয় নহয় , এয়া হৈছে পৰাজয়…। জয়ী হ'বলৈ  হ'লে জীয়াই থকাৰ দৰকাৰ। ধন্যবাদ ।।

(আপোনালোকৰ মতামত সমূহ  comment Box ত জনাব)

✍️ Rakib Ahmed



Post a Comment

0 Comments