Assamese Romantic Poem :: তোমাৰ অনুমতি অবিহনে

তোমাৰ অনুমতি অবিহনে

তোমাৰ অনুমতি অবিহনে
কেনেকৈ মৰম কৰো তোমাক
মোৰ বাবে তুমি শৰতৰ শেৱালি হ'লেও
মই যে নহয় তোমাৰ সপোন আকাশৰ প্রিয় জোনাক

সেয়ে তোমাৰ অনুমতি অবিহনে
কেনেকৈ মৰম কৰো তোমাক

এবাৰ অনুমতি দিয়া মোক
চ'তে শুকাই থৈ যোৱা তোমাৰ  হৃদয়ত বহাগৰ বৰষুণেৰে ভিজা ভিজা কৰি দিবলৈ
এবাৰ অনুমতি দিয়া মোক
ভালপোৱাৰ নিচাহেৰে তোমাক
মৰমৰ মেম ছাহেব সজাই নিবলৈ
এবাৰ অনুমতি দিয়া মোক
তোমাৰ বাবে মোক মৰমৰ সদাগৰ হবলৈ

তোমাৰ অনুমতি অবিহনে
কেনেকৈ মৰম কৰো তোমাক

অনুমতি অবিহনে যে আজিলৈ
কোনো গাভৰুৰ চকুৰ বাগিচাৰ গোলাপ চুই পোৱা নাই মই
অনুমতি অবিহনে যে আজিলৈ
কোনো গাভৰুৰ বুকুৰ সাগৰত ডুবি পোৱা নাই মই
অনুমতি অবিহনে যে আজিলৈ
কোনো গাভৰুৰ মৌন ওঁঠৰ অভিধান পঢ়ি পোৱা নাই মই

এতিয়া বাৰু
তোমাৰ অনুমতি অবিহনে কেনেকৈ মৰম কৰো তোমাক
মোৰ বাবে তুমি শৰৎৰ শেৱালি হলেও
মই যে নহয় তোমাৰ সপোন আকাশৰ প্রিয় জোনাক ।

                       ✍️ বসন্ত নিবিড়


Post a Comment

0 Comments