Assamese sad love poem :: নামবিহীনতাৰ দুখ

নামবিহীনতাৰ দুখ

অব্যক্ত কথাবোৰৰ
শেষ উত্তৰ নিবিচাৰোঁ,
নিবিচাৰোঁ এমুঠিমান
সান্ত্বনাৰ বেথা !
কিদৰে বুজাওঁ,
নামবিহীন বিষাদভৰা
হৃদয়ৰ ছবিখন..?
শব্দবোৰো নাপাওঁ বিচাৰি,
দিগন্তত উৰি ফুৰে
উমলি-জামলি ।
কোনে ক'ব,
এয়া নামবিহীন কষ্টৰ
অন্য নামান্তৰ নহয় (?)!
নামবিহীন কাৰণৰ
দুটোপাল অশ্রুৰ
নামেইবা কি ??
নোপোৱা, পায়ো হেৰুওৱা
নে আন কিবা ?
হৃদয়খন আৱৰি ৰখা
এচমকা দুখৰ ডাৱৰ...
ক'ব নোৱাৰাকৈয়ে,
অব্যক্ত কথাবোৰে
জীৱনৰ আশা
ধূলিসাৎ কৰে !
কাক কওঁ,
কোনেনো বুজিব,
নামবিহীন দুখবোৰে
মনবোৰ সেমেকাই
নোতোলেনে..?
কিয় এনে হয় ?
মৃত্যুমুখীতাই গ্ৰাস কৰে
জীৱনমুখীতাৰ সোপান !
নামবিহীন...
নামবিহীন দুখৰ চ'ৰাঘৰত
মাথোঁ  কৰোঁ জীৱনৰ
অসফলতাৰ অভিনয়...
নামবিহীনতাৰ
অব্যক্ত দুখ !

       ✍️ সুকণ্যা বৰা, যোৰহাট
                ১৯/০৬/২০


Post a Comment

0 Comments