Assamese Sad Poem :: চকুলো

চকুলো

তোমাৰ বিষাদ বৰ প্ৰিয় নেকি?
চকুলো ,তুমি বিষাদ হৈ
 জীৱন নদীত বৈ যাব বিচৰা ,
 কেতিয়াবা সুখ হৈ আহিবা
  জীৱন সাগৰ খন পাৰ কৰিব
সকলোৱে তোমাক তেতিয়া
 মৰমতে আকোৱালি লৱ
 তুমিও তেতিয়া অনুভৱ কৰিবা
 সুখৰ আনন্দ বোৰ,
  তেতিয়া হয়তো তুমিও
    নাযাবা দুনাই, বিষাদ হবলৈ
    চকুলো,
    এবাৰ বুজিব চেষ্টা কৰা
    এই হৃদয়ৰ ভাষা
     বিষাদে,হয়তো নিজে নাজানে
     কিমান  যন্তনা দায়ক
     চকুলো,
     তুমি এবাৰ বুজা এই হৃদয়ৰ বতৰা
    এদিন নিগৰা সুখৰ হৈ
    ওৰেটো জীৱন পাৰ কৰিম
      তিল মান সুখৰ বন‍্যা লৈ ।

                 ✍️Putuli Khatun



Post a Comment

0 Comments