নীলা খামৰ চিঠি || Assamese Sad Letter || চিঠি অসমীয়া কবিতা

নীলা খামৰ  চিঠি ✉

ডাকোৱালৰ
নীলা খামৰ চিঠিত
সজীব হৈয়েই থাকে
প্ৰেমৰ গোলাপী আবেগ ।

" দুওঁঠেৰে অঁকা  সেই যে ৰঙা ৰংবোৰ
ৰঙা,ৰঙা হৈয়েই থাকিল দেখোন কব নোৱাৰাকৈ,
তুমিটো লগায়ে থাকা পাৰ্পল লেমন
আৰু কতো কি ভিন্ন ৰং
কোনেও নজনাকৈ গোপনে গোপনে।
হেঁপাহ কাৰ নাথাকে কোৱাচোন
আকাশৰ সমস্ত নীলাবোৰ
দুওঁঠত লগাই আঁকি দিবলৈ
দীঘলীয়া নীল নদীখন
তোমাৰ  বুকুৰ  বাওফালে …!!"

আঃ কি দুৰন্ত প্ৰেমৰ আবেদন !
নীলা খামৰ চিঠিত পঢ়া
তাহানিৰ সেই স্বৰ্ণিল শব্দবোৰ
আজি আচম্বিতে মনলৈ আহিল
ডাকোৱালে দি থৈ যোৱা
এটি নীলা খামৰ চিঠিত বেংকৰ চেকবুকত……!!
-------------------------------------
 ✍️অশোক কুমাৰ ৰয়



Post a Comment

0 Comments