অসমীয়া কবিতা সময় || স্মৃতি কবিতা অসমীয়া || সময়

সময়বোৰ ধৰি ৰাখিব নোৱাৰিলোঁ 

সময় !
পিঠিত ডেউকা বান্ধি উৰি গৈ থাকিল
কৰমৰ্দনৰ পৰা হাত জোকাৰি দিয়ালৈ
চঞ্চলতাৰ পৰা মৌন সন্ধিয়া বোৰলৈ
খিল খিল হাঁহিৰ পৰা বিষাদৰ বৰষুণজাকলৈ
বেঁকা চাৱনি এটা উপহাৰ দি সময়বোৰ
হেৰাই গৈ থাকিল সোঁৱৰণীৰ ক'লাজ আঁকি ।

সময়বোৰক ধৰি ৰাখিব নোৱাৰিলোঁ
চিৰ প্ৰবাহমান নদীৰ দৰে বৈ থাকিল
সুখৰ হাঁহি আৰু দুখৰ বোজাবোৰ বুকুত বান্ধি ।
প্ৰাপ্তিৰ বৰষুণজাকত তিতি থাকোঁতেই
অপ্ৰাপ্তিৰ ধুমুহাজাকে কত'বাৰ চেদেলি ভেদেলি কৰি গ'ল হিয়া ; উমি উমি জ্বলি আছে এসোপা বিষাদ ।

তেতিয়াৰে পৰা দৌৰি থাকিলোঁ মৰমৰ পাছত
মৰমবোৰ আহিল আৰু গ'ল
সেউজীয়া ঠিকনাবোৰত সানি গ'ল
কৃষ্ণচূড়াৰ কিছু ৰঙা অথবা কিছু হুমুনিয়াহ ।
ভুল কাৰ আছিল নাজানিলোঁ
হয়তো তেওঁৰ
হয়তো মোৰ
হয়তো সময়ৰ ।

ঠিকনাবোৰ সলনি হৈ থাকিল
আৰু মই হৈ থাকিলোঁ প্ৰেমিক চৰাই
এখন চহৰৰ পৰা আন এখন চহৰত
বিলাই দিলোঁ প্ৰেমৰ মধুময় সুবাস ।
আনক সুখী কৰিবলৈ যাওঁতে
নিজেই নিজৰ পৰা হেৰাই গৈ থাকিলোঁ
মাথোঁ একোটা ষ্ট'পেজত বন্দী হৈ ৰ'ল স্মৃতিবোৰ ।

সময়বোৰ সময় হৈ নাথাকিল
সময়বোৰ হৈ পৰিল একোখন আধালিখা দস্তাবেজ ! অপূৰ্ণতাৰ দিনলিপি ।
আৰু মই তাৰ এলাগী পেৰেগ্ৰাফ ।
চকুলোবোৰক আপোনত্বৰ শিকলি পিন্ধাই
হাঁহিবোৰ মেলি দিলোঁ দুটি ওঁঠৰ চুকে কোণে ।

সময়বোৰ নিজৰ কৰিব নোৱাৰিলোঁ
প্ৰত্যেকটো ষ্ট'পেজ এতিয়া সোঁৱৰণি
যেতিয়াই উভতি চাওঁ
বুকুৱেদি হুমুনিয়াহ এজাক বৈ যায় ।
যিবোৰ ঠিকনাত মোৰ অবাধ বিচৰণ আছিল
সেইবোৰত এতিয়া আনে ঘৰ সাজিলে
আনৰ ৰঙেৰে ৰঙীন প্ৰতিটো ঠিকনা ।

আক্ষেপ কৰিব পৰাকৈ মোৰ হৃদয়ত এতিয়া
অনুভৱৰ অভাৱ ; মৰমবোৰ পণবন্দী ।
অমাৱস্যাৰ এখন আকাশ মোৰ ওপৰত
আৰু এটা ম্লান হাঁহি মোৰ দুটি ওঁঠত ।

সময়বোৰ নিজৰ কৰিব নোৱাৰিলেও
নিজক সলনি কৰিবলৈ নিশিকিলোঁ
ভুল বুলি জানিও ভুলবোৰ কৰি গ'লো
বাস্তৱ কঠিন বুলি জানিও সপোনবোৰ সাৱটিলোঁ
কাৰাগাৰৰ বাসিন্দা হৈয়ো
মই আনক মুক্তিৰ গান গাবলৈ শিকালোঁ
অপ্ৰাপ্তিৰ বতাহজাকে চুমি থাকিলেও
প্ৰাপ্তিৰ হেঁপাহখিনি বুকুত জ্বলাই থাকিলোঁ ।

সময়বোৰ ধৰি ৰাখিব নোৱাৰিলোঁ
মই সময়ৰ সৈতে হেৰাই গৈ থাকিলোঁ
হেৰাই হেৰাই এদিন হেৰাই যোৱাৰ হেঁপাহত
মোক মোৰ পৰা নিলগত ৰাখিবলৈ শিকিলোঁ ।

মই সময়বোৰ ধৰি ৰাখিব নোৱাৰিলোঁ ।
------------------------------------------------
✍️প্ৰাঞ্জল প্ৰতিম, নতুন দিল্লী
১০/৭/২০২০



Post a Comment

0 Comments