বেকাৰ জীৱন
ৰাতিবোৰ গভীৰ হ’লেই
দুখ বোৰৰ উজান উঠে
জীৱনৰ নিমিলা অংকবোৰ পাতোতে ভাঙোতে
হৃদয়ৰ শুকুলা পৃষ্ঠাত
নিৰাশাৰ কজলা ডাৱৰ ভাঁহে ৷
বিফল জীৱন পথৰ
সফল পথিক মই
সুখ বুলিয়েই নিতে সাৱটি লওঁ
দুখৰ এলান্ধু ৷
হয়তো তোমাৰ দৃষ্টিত
তিনিআলিৰ চকত বহি আদ্দা দিয়া
বেকাৰ,বেনামী ল’ৰাটো মই
সহস্ৰজনৰ উপহাস শুনিও
নিৰবে সহি থাকিব পৰা নিৰ্লজ্জ মনৰ গৰাকী ৷
চাকৰি এটা নাই বাবেই
হয়তো তোমাৰ দৃষ্টিত মই নিষ্কৰ্মা
তুমি কি বুজিবা..........
সময়ৰ প্ৰতাৰণা ৷
কাৰনো বুকুত আছে.........
বেকাৰ জীৱন জিজ্ঞাসা
তুমি ভবাৰ দৰে
মইতো নহয় ডাষ্টবিনৰ আৱৰ্জনা ৷
চিগাৰেটৰ ধোঁৱাৰে ক’লা কৰা
দুই ওঁঠৰ ভাজত লুকুৱাই ৰাখোঁ
চাৰ্টিফিকেটত সীমাবদ্ধ ডিগ্ৰীবোৰৰ বিষন্নতা ৷
আন্ধাৰ নামিলেই
বিলাতী মদৰ নিচাত মাতাল হওঁ বাবেই
মইতো নহয়
চৰিত্ৰত দাগ লগা
তুমি হয়তো ভুল বুজিছা
কেতিয়াবা পঢ়ি চাবা
বেকাৰ ল’ৰাটোৰ দুচকুৰ সপোন বিলাসিতা
গণি চাবা
জীৱনত একো এটা কৰিব নোৱাৰি
আপোনজনকো হেৰুৱাই পেলোৱাৰ দুখত
বুকু ভেদি নিগৰি অহা
অপ্ৰাপ্তিৰ হুমুনিয়াহ
আৰে ,তুমি কি বুজিবা
ইণ্টাৰভিউ নামত বাৰে বাৰে প্ৰতাৰিত হোৱাৰ বেথা
চৰকাৰী নেতা পালিনেতাক সুখী কৰিব পৰাকৈ
মোৰ দেউতাৰ যে গাঠিত নাই ধনৰ জোলোঙা ৷
2 Comments
Very good Poem 👌
ReplyDeleteDHS Admit Card Download
ReplyDelete