মিছা মায়া || Unique Assamese Poem 2021 :: অসমীয়া কবিতা

মিছা মায়া

অন্তৰৰ বেদনা অন্তৰতে 
দহি দহি খায়
লাহে লাহে ধীৰে ধীৰে
পুৰি ছাৰখাৰ হয়
মনৰ সপোনবোৰ
ক’লা ধোৱা হৈ
ক’লা পৰি যায়
মিছা মায়াবোৰ 
বিস্ফোৰণ হৈ
ইফালে সিফালে
ছিটিকি ছিটিকি
নিথৰ হৈ ৰয়
মনৰ কল্পনাবোৰ
মাথোঁ কল্পনা হৈ ৰয়
কিয়বা দেখিলোঁ 
অলেখ সপোন
সকলো যে মৰিচীকা
নেজানিছিলো প্ৰেম যে
স্বাৰ্থপৰ , নহয় নিস্বাৰ্থ
মাথোঁ মিছা অভিনয় ৷৷

ৰাতিৰ অনুভৱ

তোৰে কথা ভাবি ভাবি
টোপনিতে মই লালকাল
কেতিয়া আহিলি তই
গমকে নাপালোঁ মই
জগালি মোক টোপনিতে
পাতিলি বহু কথাই
সপোনৰ ৰাণী তই
সৰগৰ অপেশ্বৰী
সুমধুৰ গীতেৰে
ভুলালি মোক তই
নাযাবি দূৰলৈ আতৰি
নাথাকিবি মোক পাহৰি
মন মোৰ বলিয়া কৰিলি
মৰমেৰে হাত বুলাই বুলাই
চকুৰ পলকতে হ’লি তই 
মোৰ নয়ণৰ নয়ণমণি ৷৷
✍️আব্দুল কাদিৰ খান
বৰপেটা ৰোড
০৩-০২-২০২১ ইং



Post a Comment

0 Comments