অসমীয়া কবিতা - Assamese Kobita – Asomiya Poem

মোৰ হিয়াৰ একাজলী শুভকামনা

কথাবোৰ কিদৰে কওঁক তোমাক
শব্দৰ মালাৰে সজাই তোমৰ ভবিষ্যত
ৰঙীন হওক বুলি
শুভেচ্ছা জনাব পাৰো
যাৰ সৈতে জীৱনযোৰা সান্নিধ্যই
তোমাক সুখী কৰিব
তাৰ বাবে মই তোমাক
নি: স্বাৰ্থভাৱে……
বিনয়বিহীনভাৱে…
অন্তৰ উজাৰি শুভাৰ্শীষ দিব পাৰো
কিন্তু,…… তোমাৰ সৈতে থকা
মোৰ নি:স্বাৰ্থ সম্পৰ্কক
ওন্দেহৰ দৃষ্টিৰে যদি
বদনাম কৰি দিয়া মানুহবোৰে
তেন্তে, মই কি কৰিমই……?
তথাপিতো……।
এই মুহুৰ্তত শুভকামনাৰ বাহিৰে
আৰু যে মই দিব পৰা
অন্য একোৱেই নাই মোৰ ওচৰত……।।



✍️নমিতা গগৈ
তিনিচুকীয়া


Post a Comment

0 Comments