প্ৰেম বিচ্ছেদ জীৱন || খণ্ড ৮ || উপন্যাস || অসমীয়া কবিতা - By Assamese Poem

ফোনটো লগাব খুজোঁতেই নীলে নিশাৰ হাতৰ পৰা ফোন তো টানি ললে....
নীল: what are u doing?? কিয় তুমি আকৌ কথাবোৰ complicated কৰিব বিচাৰিছা।
ঘৰত খবৰতো গম পালে মাক দেউতাক গুছি আহিব হয়তো ৰিয়াক ইয়াৰ পৰা একেবাৰে লৈ যাব।। তাৰ পিছত কি হ'ব ভাবি চাইছা।।
নিশা: ইমান ডাঙৰ কথা এটা uncle aunty ক কেনেকৈ নোকোৱাকৈ থাকিম।।।
নীল: এতিয়া আমি নাজানো doctor য়ে কি কয় শুনি লওঁ।। পিছত মাতিব লগা হলে ভাবিম।।
মানসে ও নীলৰ কথাটোত হয় ভৰ দিলে সেয়ে নিশাই আৰু একো নকলে।। অলপ সময়ৰ পিছত doctor আহি তাঁহাতক কলে যে
Doctor: today we keep her in the ICU . She is now fine but not totally our of danger.. she had a huge injury in her head so don't say anything which could hurt her.. u have to take special care of her...u can't visit her today.. tomorrow we will shift her to cabin room.. there u can meet her.. only one person is allowed to stay so decide yourself who will be staying here..
নীল: okey Doctor and thank you so much।।
Doctor: Don't say thanks its my duty..
Doctor যোৱাৰ পিছত নীলে মানস আৰু নিশাক ৰুম যাব কলে।। প্ৰথমতে নিশা মান্তি হোৱা নাছিল কিন্তু পিছত নীলৰ কথাত যাবলৈ মান্তি হ'ল।। নীলে  বাৰে বাৰে ICU ৰ ভিতৰলৈ জুমি আছে কিন্তু সি দেখা নাই।। নীলে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছে তাই যাতে সোনকালে থিক হয়।। ৰাতিটো নীলে উজাগৰে কটালে।। তাৰ চকুত এবাৰলৈ টোপনি নাহিল।। তেনেতে তালৈ মাকৰ ফোন আহিল...
মাক: সোন কি কৰিছা??? ভাল নে তোমাৰ??
নীল: উমমম।।
নীলৰ গহীনতাত মাকে উপলব্ধি কৰিছে কিবা এটা তাৰ হৈছে।।
মাক: সোন কি হৈছে কোৱাচোন।।
মাকে ভয় কৰে নীলে আগৰ situation তো লৈ ঘূৰি আহে বুলি।। বহুত বছৰৰ পিছত সি সলনি হৈছে আকৌ যদি আগৰ দৰে হয় কি হ'ব।। মাকৰ বুকুখন এক অজান ভয়ত কঁপিছে।। মাকে আকৌ সুধিলে...
মাক: সোন কোৱাচোন।।।
নীল: মা মই hospital ত আছোঁ??
মাক: কি??? কি হৈছে সোন??
নীল: মোৰ একো হোৱা নাই মা কিন্তু মোৰ friend এজনীৰ বহুত বেয়াকৈ accident হৈছে।। তাই ICU ত আছে মা।।
মাক: কোন friend নিশা নেকি??
নীল: নহয়, ৰিয়াৰ friend হয় এতিয়া মোৰো friend।।। মা তুমি নামঘৰত চাকি এগছ জ্বলাই দিবাচোন।। সৰুতে মোৰ গা বেয়া হলে যে দিয়া আৰু মই যে ভাল হৈ যাওঁ।।
কথাবোৰ কওঁতে নীলৰ কন্দনামুৱা মাত শুনি মাকৰ বুজিবলৈ বাকী নাথাকিল যে ৰিয়া কেতিয়াও তাৰ friend হ'ব নোৱাৰে।। হয়তো সি মোক কোৱা নাই নহলে সি নিজেও নাজানে সি যে তাইক ভালপাই পেলাইছে।। মাত্ৰ কেইদিনমান চিনাকীতে এনেকুৱা হৈছে।।পিছত কি হয় বা।। নাই মই কলকাতা যাব লাগিব।। জানিব লাগিব ৰিয়াক।। মই মোৰ লৰাৰ জীৱন আকৌ ধংশ হ'ব দিব নোৱাৰো।। মাকে তাক সান্তনা দি ফোনটো কাটিলে আৰু বাপেকৰ লগত পাতি কলকাতা যোৱাৰ সিদ্ধান্ত ললে।। কিন্তু এই বিষয়ে নীলক নাইকোৱা।। নীল এটা জঠৰ মূৰ্তিৰ দৰে বহি আছে।। তেনেতে এজনী নাৰ্ছ আহি তাক ৰিয়াৰ sense আহিছে কলে।। সি ৰিয়াক চাবলৈ যাব বিচাৰিলে।। তেতিয়া নাৰ্ছ জনীয়ে কলে আমি তাইক আনিছো cabin লে আপুনি তালৈকে আহক।। নীলে থিক আছে কৈ মানসক ফোন লগালে।। সি তাক ৰিয়াৰ sense অহাৰ খবৰ তো দিলে আৰু সিহঁতক আহিব কলে।। নীলে ফোনটো কাটি cabin room ৰ ফালে খোজ ললে.....

নীলে তাইৰ ফালে দিয়া প্ৰতিটো খোজে তাৰ হৃদয়ৰ স্পন্দন বহাই তুলিছে।।। হৃদয়ত খলকনি তুলিছে এক অজান আৱেগৰ।। নাজানে সি এইয়া কি??? সি হয়তো ভবা নাছিল তাৰ কাৰোবাৰ প্ৰতি মনত এনে শিহৰণ জাগি উঠিব।। যি সিঁহৰণে আজি  তাৰ শৰীৰৰ প্ৰতিটো তেজৰ কণিকাত সৃষ্টি কৰিছে প্ৰেমৰ জোৱাৰৰ।। দুদিনৰ চিনাকি কাৰোবাৰ লগত শাৰীৰিক সম্পৰ্ক স্থাপন কৰিবলৈ ও তাৰ ইমান ভয় নালাগে কিন্তু আজি ৰিয়াৰ কাষ চাপিবলৈ তাৰ যিমান ভয় লাগিছে।। ৰিয়াক তাৰ ভাল লাগিছিল প্ৰথম চাৱনিত কিন্তু সি তাইক উলিয়াই আনিব বিচাৰিছিল আউলি বাউলি হৈ থকা ৰিয়াৰ অতীতৰ পৰা।। কিমান সময় পাৰ কৰিলে এজন ব্যক্তিক ভালপাব পাৰি সেইয়া সি নাজানে।। বহুত ছোৱালীৰ লগত contact আছে তাৰ।। ৰাতিবোৰ পাৰ কৰে সিহঁতৰ লগত কথা পাতি।। সকলোৰে লগত চেনী খাই।। সকলোৱে তাক flirt কৰে কাৰনে বেয়া বুলিয়েই ভাবে কিন্তু সেইবোৰ কথালৈ সি ধ্যান নিদিয়ে।। জীৱন ক্ষন্তেকীয়া সেয়ে সি কোনোবাই ভাল পাব কোনোবাই বেয়া পাব সেইবোৰ সি care নকৰে।। জীয়াই থকা দিনকেইটা সি নিজৰ কাৰনে জীয়াই থাকিব।। এই সমাজৰ কথা শুনিলে নিজৰ মতে জীয়াই থকা টান।।  অৱশ্যে ছোৱালী বোৰৰ প্ৰতি তাৰ দৃষ্টিভংগী সুকীয়া।। সি নাভাবে কোনো ছোৱালীয়ে যে সঁচা প্ৰেম কৰিব পাৰে।।। ধনী দুখীয়া সেইবোৰ এটি মাত্ৰ অজুহাত বিফল প্ৰেমৰ।। সঁচা প্ৰেম এক স্বৰ্গীয় সুখ।। যি কৰিব পাৰে তাৰ বাবে প্ৰেমৰ সংজ্ঞা বহুত বেলেগ।। কিন্তু সঁচা প্ৰেম কৰি বিফল হোৱা বোৰৰ বাবে প্ৰেম এক বিষাদ।। কিন্তু সচাকৈ জানো প্ৰেম বিষাদ হব পাৰে??আচলতে প্ৰেম এক সুন্দৰ অনুভৱ ।। পোৱা নোপোৱাৰ আক্ষেপ সঁচা প্ৰেমত নাথাকে।। আমি breakup হলে সঁচা প্ৰেম নাই কওঁ কিন্তু প্ৰেম আছে,  মাথোঁ কিছুমান মানুহৰ কাৰণে এই প্ৰেমৰ বদনাম হয়।।  এতিয়ালৈকে সি যিমান ছোৱালীক লগ পাইছে  সেইবোৰে তাৰ চেহেৰা দেখি, তাৰ background দেখি শুনি তাৰ লগত সময় কটায়।। সেইবোৰ ছোৱালীয়ে সঁচা প্ৰেম কি বুজিয়েই নাপায়।। সিহঁতি breakup ৰ 1 week ৰ ভিতৰতে সলনি হৈ গৈছে ।। কিন্তু ৰিয়া সম্পূৰ্ণ বিপৰীত ।। ৰিয়াই সঁচা প্ৰেম কৰিছে আৰু সঁচা প্ৰেমৰ অৰ্থ বুজি পাই তাই।। তাই ৰোহনক পাহৰি বেলেগৰ লগত থাকিব পাৰিলে হেঁতেন কি নাই তাইৰ।। দেখিবলৈ পুতলাৰ দৰে।। যিয়েই পাব নিজকে সৌভাগ্যবান ভাবিব।।। কিন্তু wait কৰিছে ৰোহনৰ যি already বেলেগ relationt আছে।। কিন্তু তাইৰ ভালপোৱা কেতিয়াও কমা নাই।।  breakup হলে সদায় অভিশাপ দিয়া শুনিছে সি কিন্তু ৰিয়াই ৰোহনৰ কাৰণে এতিয়াও প্ৰাৰ্থনা কৰা দেখিছে সি।। ৰাস্তাত মন্দিৰ পাৰ হলে তাই গাড়ী ৰখাব কয় অলপ সময় গাড়ীতে বহি ভগৱানক প্ৰাৰ্থনা কৰে ৰোহনৰ সুখৰ কাৰণে।। দুখীয়া মানুহ দেখিলে ৰাস্তাত গাড়ীৰ পৰা নামি গৈ তাই সিহঁতক খোৱা বস্তু কিনি দিয়ে।। হঠাতে নীলৰ ৰিয়াৰ কথা এটা মনত পৰিল যেতিয়া নীলে মানুহ এজনক পইচা দিব লৈছিল ৰাস্তাত থকা....
ৰিয়া: নীল কি কৰিছা এইয়া তুমি ?? পইচা নিদিবা pls।।
নীল: কিন্তু কিয়?? পইছা হে খুজিছে।।
ৰিয়া: এনেকুৱা বহুত মানুহ থাকে যি ভীক্ষাৰী acting কৰে।। আৰু এনেকুৱা কিছুমান ও থাকে যি এইবোৰ মানুহক use কৰি business কৰিছে। মানুহজনে তুমি কিমান দিছা সেইটো জানো গম পাইছে।। মানুহজন তো অন্ধ।।। মই এইটো কোৱা নাই মানুহজন ভাল নহয় বা acting কৰিছে।। কিন্তু তেওঁ তো খাবলৈ য়ে এইটো কাম কৰিছে toh আমি তেওঁক খোৱা বস্তু দিয়াই ভাল কথা পইছা দিলে তেওঁ আকৌ কষ্ট হে হ'ব বিচাৰি যাবলৈ।।
সেইদিনাই সি তাইৰ কবনোৱাৰাকৈয়ে প্ৰেমত পৰিছিল।। ৰিয়াৰ কথাবোৰে তাৰ হৃদয় খন চুই আছিল।। যি জনী ছোৱালীৰ অন্তৰ খন ইমান কোমল সেইজনী ছোৱালীক এৰি ৰোহনে পাপ কৰিছে।। ভগৱানে ও তাক ক্ষমা নকৰে ৰিয়াৰ দৰে শিশু সুলভ ছোৱালী এজনীক কষ্ট দিয়া।। কথাবোৰ ভাবি ভাবি সি ৰিয়াক থোৱা cabin ৰ ওচৰ পালেগৈ।। সি দৰ্জা খন খুলি ভিতৰলৈ সোমাই গল।। ৰিয়াই ও দৰ্জা খনৰ ফালে চাই আছে।। নীলক দেখি ৰিয়াৰ চকুপানী ওলাই গ'ল।। নীলে কোনোমতে নিজৰ চকুপানী খিনি লুকুৱাই তাইৰ কাষত বহিল...
নীল: ভাল পাইছা অলপ..
ৰিয়া: উমমম।। নিশা ক'ত ??তাই মোক এতিয়াও বেয়া পাই আছে নি??
নীল: নাইপোৱা।। সিহঁতি আহি আছে।।
ৰিয়া: মই অহাৰ পৰা তোমালোকৰ বহুত কষ্ট হৈছে ন'।।
নীলে বুজিছে তাই কি ক'ব লৈছে সেয়ে সি কথাটো অলপ পাতল কৰিব চেষ্টা কৰিলে..
নীল: উম নকবা আৰু।। তুমি কিমান যে কষ্ট দিছা মোক।। আজিলৈকে বহুত ছোৱালীৰ লগত drinks কৰিলো কিন্তু drinks কৰি hospital পাব লগীয়া নাইহোৱা।।
নীলৰ কথা শুনি ৰিয়াই মিচিকিয়াই হাঁহিলে।। জোৰকৈ হাঁহিবলৈ তাইৰ এতিয়া শক্তি নাই।। পেটত দুখ পাইছে সেয়ে হাঁহিলে কষ্ট হয় তাইৰ।। ৰিয়াৰ হাঁহিতো দেখি নীলৰ মনটো অলপ শান্ত হ'ল। নীলে কলে...
নীল: taste কেনেকুৱা পালা??
ৰিয়া: কিহৰ??
নীল: first time drinks কৰিছা সেইটো পাহৰিলা নি??
ৰিয়া: ohh সেইটো কথা।। নাজানো কি taste কৰিলোঁ একো মনত নাই।।
নীল: next time মনত থকাকৈ কৰিবা।।
ৰিয়াই আকৌ হাঁহিলে কিন্তু এইবাৰ তাই ডাঙৰকৈ হাঁহিব লওঁতে পেটত বিষ অনুভৱ কৰিলে ।। নীলে বুজিলে কষ্ট হৈছে তাইৰ সি তাইৰ মূৰত আলফুলে হাত বুলাই কলে..
নীল: U r d strongest girl  I  have ever meet..I know তুমি সোনকালে থিক হৈ যাবা।।
এনেকুৱা সময় বোৰত কাৰোবাৰ এনেকুৱা উৎসাহে বহুত সাহস দিয়ে। ৰিয়াকো দিছে আজি।। তাই মুখেৰে একো নকলেও তাইৰ চকুযুৰীয়ে সেই কথা বুজাই দিলে।। নিশা আৰু মানস আহি পালেহি।। নিশা ৰিয়াৰ ওচৰলৈ অহাৰ বাবে নীল ওলাই দিলে কাৰণ দুজনে একেসময়তে visit কৰিব নোৱাৰে।। সি ওলাই আহোঁতে ৰিয়াক কলে..
নীল: take care ।। get well soon ।।
ৰিয়া: উমমম.....

নিশা আহি ৰিয়াৰ কাষত বহিল।। তাই ৰিয়াক হৈ যোৱা ঘটনাবোৰৰ বাবে ক্ষমা খুজিলে।। ৰিয়াই তাইক কলে..
ৰিয়া: তই ভূল কৰা নাই নিশা।। তোৰ ঠাইত মই হোৱা হলেও চাগে এনেকৈ react কৰিলোঁ হয়।। তই মোৰ কেতিয়াও বেয়াটো নিবিচাৰ মই সেইটো ভালকৈ জানো।।
নিশা: তেন্তে তেনেকৈ কান্দি কান্দি কিয় ওলাই আহিলি যদি মোক বেয়া পোৱাই নাই।।
ৰিয়া: মোৰ নিজৰ ওপৰত হে খং উঠিছিল।।আচলতে কি হৈছিল একো নাজানো।। মই ৰোহানক বাদ দি বেলেগৰ কথা ভাবিবই নোৱাৰো।। তাক বহুত ভাল পাওঁ।। ৰোহনে এইবোৰ কথা জানিলে বহুত কষ্ট পাব।। মই কেতিয়াও drinks নকৰোঁ।। এইবোৰ সকলো drinks কৰাৰ কাৰনে হ'ল।।
ৰোহনৰ নাম ৰিয়াই আকৌ লোৱা বাবে  নিশাৰ খং উঠিছিল।।কিন্তু তাই ৰিয়াক একো নকলে।। ইমান ডাঙৰ accident হৈছে।। ভগৱানৰ কৃপাত এতিয়া থিক আছে সকলো।। তাই ৰিয়াক আকৌ কিবা কৈ কষ্ট দিব নোৱাৰে।। যিমান হলেও accident হোৱাত তাইৰো দোষ আছে।। তাই ৰিয়াক ইমান বেয়াকৈ নোকোৱা হলে হয়তো ৰিয়া ঘৰৰ পৰা ওলাই নাহিলহেঁতেন।। নিশাই কথাবোৰ ভাবি থাকোতে ৰিয়াই মাত লগালে..
ৰিয়া: নিশা pls ঘৰলৈ খবৰ নিদিবি।। ঘৰত গম পালে মা দেউতাই বেছি টেনশ্যন লব আৰু আহি মোক ইয়াৰ পৰা লৈ যাব।। মই তাৰ পৰা আহিছোঁহে।। আকৌ তালৈ গুছি গলে বহুত কষ্ট পাম।।
ৰিয়াৰ কথা শুনি নিশা অলপ আঁচৰিত হ'ল।। কাৰণ কালি এইখিনি কথায়েই নীলে কৈছিল।। কি দৰে  দুইটাৰে কথা বোৰ একে হ'ব পাৰে।। এইকিদিন যি হৈছে নিশাই একো পাত্তা পোৱা নাই।। এইটো সঁচা যে নীলক তাইয়েই কৈছিল ৰিয়াক থিক কৰিবলৈ কিন্তু ৰিয়া এনেকুৱা ছোৱালীও নহয় যে এদিন কথা পাতিলে ইমান close হ'ব ।। তাই লৰাৰ লগত কথাই নাপাতে কিন্তু নীলৰ লগত পাতিছে তাকো দুদিনৰ চিনাকি।। তাৰ লগত অকলে যাবলৈ ও ready হল তাই আৰু কালি ঘটনাটো সেইটো কি।। মানিলো ৰিয়াই নিচাত তেনেকুৱা কৰিব লৈছিল কিন্তু দুদিনৰ চিনাকি লৰা এটাৰ লগত কি দৰে অকলে drinks কৰিব পৰা হ'ল।। আৰু নীলৰ জেগাত বেলেগ লৰা হলেতো কালি ৰিয়াৰ কি হ'ল হেঁতেন??  নিশা কথাবোৰ ভাবি চিন্তাত মগ্ন হৈ আছে।। ইফালে নিশাই একো উত্তৰ নিদিয়াত ৰিয়াই নিশাৰ মুখলৈ চাই আছে।।ৰিয়াই বুজিছে নিশ্চয় কিবা ভাবি আছে তাই।। নহলে নিশাই ঘৰত কৈ দিয়া নাইতো..
ৰিয়া: ঐ নিশা কি হ'ল একো উত্তৰ নিদিলি যে ঘৰত কৈ দিলি নি??
ৰিয়াৰ মাতত নিশা উচপ খাই উঠিল..
নিশা: নাই নাইকোৱা।। মই ফোন কৰিব লৈছিলোঁ নীলে নিদিলে।।
ৰিয়া: নীলে মোৰ কথা বোৰ বুজি পাই জান' নিশা।। নীল বহুত ভাল ল'ৰা।।
নিশা: উমমম নীল সঁচাকৈয়ে ভাল ল'ৰা।। কিন্তু মই ভূল কৰোঁ সদায় তাক বুজাত।। কালিও তাক মই বহুত বেয়াকৈ কলো ।। মই তাৰ গাত হাত তুলিব নালাগিছিল।।
ৰিয়াই জনাই নাছিল এনেকুৱা কিবা হৈছিল বুলি যেতিয়া নিশাই নীলক চৰ মৰা কথাটো গম পালে তাই বহুত কষ্ট পালে...
ৰিয়া: এইয়া কি কৰিলি নিশা।। মোক চৰ মাৰিছ মই বেয়া নাইপোৱা কিন্তু নীলক বিনা দোষত তই কিয় তেনেকুৱা কৰিলি।। মই তোক কেতিয়াও ক্ষমা কৰিব নোৱাৰো এইটোৰ কাৰণে ।
নিশা: মই জানো মই বহুত ডাঙৰ পাপ কৰিলোঁ।। মই নীলক ক্ষমা খুজিলোঁ।। নীলৰ অন্তৰ খন ইমান কোমল সি মোক মাফ কৰি দিলে ।। তাৰ জেগাত বেলেগ হোৱা হলে কেতিয়াও মাফ নকৰে।। তই ও মাফ কৰি দে ৰিয়া। এইয়া মোৰ শেষ ভূল।। আৰু এনেকুৱা কেতিয়াও নহয়।।
ৰিয়া: Prmz কৰ এনেকুৱা নহয়।।
নিশা:  Prmz ...
ৰিয়া: মোক কেতিয়া release দিব মোৰ ইয়াত থাকি একদম ভাল নেলাগে।।
নিশা: নীল গৈছে পাতিব ।। তাৰ পিছত হে জানিম।।
ৰিয়া:  নীলৰ গাত বহুত তেজ লাগি আছিল।। তাক সুধিম ভাবিছিলোঁ তই আহিলি।। সেইবোৰ কেনেকৈ লাগিল।।
নিশা: তোক সিয়েই hospitel আনিছে।। তই ৰাস্তাত পৰি আছিলি তেজেৰে লুতুৰী পুতুৰী হৈ।। সি ডাঙি আনিছিল বাবে তাৰ গাত লাগিল।। বেচেৰা পাগলৰ দৰে ইয়াতে আছে ।।chng কৰিবলৈও যোৱা নাই।। কালি আমাক পথিয়াই নিজে ইয়াত গোটেই ৰাতি আছে।।ৰাতিপুৱাও সি আমাক ফোন কৰি মাতি তোৰ খবৰ দিছে। even গোটেই বিল সিয়েই pay কৰিছে।। মই কৈছিলোঁ মই দিও কিন্তু সি নামানিলে।।
ৰিয়াই নিশাক কিবা ক'ব লওঁতেই নীল সোমাই আহিল।। নীলক দেখি ৰিয়া emotional হৈ গ'ল।। নীল সঁচাকৈ বহুত বেছি ভাল।। সি তাইৰ কাৰনে কিমান কৰিছে।। আজিকালি family মানুহেও ইমানবোৰ নকৰে।। নীলে দুদিনৰচিনাকী ছোৱালীজনীৰ কাৰণে কি কি কৰিছে।। তাইক ৰোহনক ঘূৰাই অনাত ও help কৰিছে।। তাই নিজকে lucky feel কৰিছে নীলক জীৱনত পাই।।
নীল আহি ৰিয়াক কলে..
নীল: অলপ পিছত আমি তোমাক লৈ যাম।। Doctor লগত পাতিছোঁ মই।। পাপাৰ ভাল friend so কিবা prblm হলে ৰুমলৈকে যাব।।
নিশা: এইটো ভাল কাম হ'ল।। এই অলপ আগতে কৈছিল ইয়াত থাকি বেয়া পাই।।
নীল: মই জানিছিলোঁ সেয়ে আগতীয়াকৈ doctor লগত পাতিছিলোঁ।।
নিশা: উমমম।।
নীল: নিশা তোমাৰ লগত কথা আছে আহা চোন।। ৰিয়া তুমি rest কৰা।।
নিশা: okk
ৰিয়া: থিক আছে।।
ৰিয়াই নাজানে কেনেকৈ নীলে গম পালে তাই হস্পিটেলত থাকি বেয়া পায়।। তাইতো কোৱা নাই।। নীলে কেনেকৈ মনৰ কথাবোৰ বুজিছে তাই নোকোৱাকৈ।। আৰু নীলে  মোক কেনেকৈ বিচাৰি পালে।। মইও কি পাগল এইবোৰ নিজে ভাবিলে জানো উত্তৰ পাম।।নীল আহিলে সুধিম।। ৰিয়া বিচনাত পৰি দিলে।। টোপনি নাই যদিও বিষবোৰে তাইক দুৰ্বল কৰি তুলিছে।।
ইফালে নীলে নিশাক মাতি নি কলে...
নীল: ৰিয়াক এতিয়া বহুত care ৰ প্ৰয়োজন ।। so tyr লগত anytym মানুহ লাগিব।। কি ভাবিছা তুমি?
নিশা: কথাটো আমি কালি পাতিছিলোঁ।। মোৰ international show এটা আছে so মই যাবই লাগিব।। মানসে এইবোৰ care লবও নোৱাৰে।।
ৰিয়াই uncle aunty ক কবলৈও মানা কৰিছে।। care taker এজনীকে চাওঁ নেকি???
নীল:…........

আগলৈ…

লেখা:- পল্লৱী দত্ত

 part  9 :- Click here

           ( Photo credit by :- pixabay.com

Post a Comment

0 Comments